বৰপেটাৰোড ৰাস মহোৎসৱৰ লটাৰী খেলৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে এগৰাকী মাছ বেপাৰীয়ে

বৰপেটাৰোড ৰাস মহোৎসৱৰ লটাৰী খেলৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে এগৰাকী মাছ বেপাৰীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- বৰপেটাৰোড ৰাস মহোৎসৱৰ লটাৰী খেলৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে এগৰাকী মাছ বেপাৰীয়ে। বাক্সা জিলাৰ কালপানীৰ এইগৰাকী সৌভাগ্যৱান মাছ বেপাৰীৰ নাম ৰবিৰাম বসুমতাৰী ওৰফে লাইথা ৷ ৫০ টকীয়া মূল্যৰ ১০০ টকাৰে মাত্ৰ দুটা টিকট ক্ৰয় কৰিছিল কালপানীৰ এইগৰাকী মাছবেপাৰী ৰবিৰাম বসুমতাৰী ওৰফে লাইথাই ৷ কালি বৰপেটাৰোডৰ ৰাসৰ অন্তিম দিনা নিশা অনুষ্ঠিত হোৱা লটাৰী খেলৰ প্ৰথম পুৰস্কাৰ লাভ কৰে লোকজনে ৷ মাছ বেপাৰী ৰবিৰাম বসুমতাৰীৰ দুই পুত্ৰই দিন হাজিৰা কৰি উপাৰ্জন কৰা টকাৰে পৰিয়াল পোহপাল দি আহিছে বুলি জানিবলৈ দিয়ে ৷ বৰপেটাৰোড ৰাস মহোৎসৱৰ লটাৰীৰ প্ৰথম পুৰস্কাৰ টয়টা কোম্পানীৰ প্ৰায় ২৪ লাখ টকীয়া মূল্যৰ ইনোভা গাড়ীখন লাভ কৰি ৰবিৰাম বসুমতাৰীৰ লগতে তেওঁৰ পৰিয়ালৰ লোকসকল উৎফুল্লিত হৈ পৰিছে ৷ তেওঁ গাড়ীখন বিক্ৰী কৰি দিনমজদুৰ কৰা দুই পুত্ৰক ব্যৱসায় কৰিবলৈ দোকানৰ ব্যৱস্থা কৰি দিব বুলি জানিবলৈ দিয়ে ৷