বৰছিং বেৰ খাকী পোচাকৰ আদৰ্শঃফখৰুদ্দিন আহমেদ

Pc- pragne

বৰছিং বেৰ খাকী পোচাকৰ আদৰ্শ
~~~~

ফখৰুদ্দিন আহমেদ

খাকী পোচাকৰ প্ৰসংগ আহিলেই মোৰ মনলৈ আহে কথাশিল্পী , সাহিত্যাচাৰ্য চৈয়দ আব্দুল মালিক চাৰৰ ” যীশু খ্ৰীষ্টৰ ছবি ” নামৰ বিশেষ গল্পটিলৈ। খাকী পোচাক পিন্ধা সেনাবাহিনীৰ লোক সকলৰো এখন মানব দৰদী হৃদয় থাকে তাকেই সফল আৰু সাৱলীল ভাবে দাঙি ধৰিছে মালিক চাৰে উক্ত গল্পটিত। আমাৰ ৰাজ্য অসম বা আমাৰ দেশ ভাৰতবৰ্ষৰ প্ৰতিৰক্ষাৰ বাবে নিয়োজিত সেনা আৰু আৰক্ষী বিভাগৰ লোক সকলৰ ঐক্যপোচাকৰ ৰং সাধাৰনতে খাকী ৰঙৰ। সৰুকালিত বহুতো শিশুৰ অবুজ হৃদয়ত বাসনা জাগে খাকী পোচাকপিন্ধি দেশ ৰক্ষা কৰিবলৈ । তাৰ প্ৰতিফলন ঘটে অসমৰ শিশু সকলে খেলা এবিধ খেল “পুলিছ পুলিছ” মাজেৰে।এই খেলবিধত কেইজন মান শিশুৱে পুলিছৰ আৰু কেইজন মান শিশুৱে চোৰৰ অভিনয় কৰে।
মই ব্যক্তিগত ভাবে প্ৰয়োজনবশতঃ নাইবা পৰিস্থিতি সাপেক্ষে কেইবাগৰাকী আৰক্ষী বিষয়াৰ সান্নিধ্যলৈ আহিবলৈ সুযোগ পাইছিলো।তাৰে অন্যতম গৰাকী আছিল ” আৰক্ষীৰ ডায়েৰী ” নামৰ শিতানটি প্ৰতিদিন আৰু পিছলৈ আমাৰ অসম নামৰ দৈনিক বাতৰি কাকতৰ বিশেষ দেওবৰীয়া পৰিপুৰিকাত লিখি সমগ্ৰ অসমতে সুখ্যাত হৈ পৰা আৰক্ষী অধীক্ষক শ্ৰদ্ধাৰ প্ৰয়াত খবিৰ আহমেদ চাৰ । বিগত ইং ২০০৩ বৰ্ষত তেখেতে দৰং জিলাত আৰক্ষী অধীক্ষক পদত কাৰ্য নিৰ্বাহ কৰি থাকোতে আমাৰ সানোৱা গাঁৱত পদাৰ্পন কৰি প্ৰায় ৪/৫ ঘন্টা অতিবাহিত কৰি গৈছিল। সানোৱা হাই মাদ্ৰাছা প্ৰাঙ্গনত তেখেতক আনুষ্ঠানিক ভাবে সম্বৰ্ধনা জনোৱা হৈছিল আৰু তেখেতেও সমবেত সানোৱাবাসী ৰাইজক হিয়া উজাৰি নিজৰ জীৱনৰ কথা বক্তব্যৰ মাজেৰে অবগত কৰিছিল। সানোৱাবাসীৰ লগত সিদিনাখনে গঢ়ি উঠা আত্মীয়তাৰ বান্ধোনৰ বাবেই সেই বৰ্ষত শতিকা অতিক্ৰম কৰা সানোৱা প্ৰাথমিক বিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপনৰ অনুষ্ঠানটিত নিজেই এগৰাকী প্ৰাক্তন ছাত্ৰৰ দৰেই সহযোগিতা কৰি সমগ্ৰ কাৰ্যসূচীৰ সফল সমাপ্তিত বিশেষ অৰিহনা যোগাইছিল। তাৰ পিছৰ বৰ্ষ ইং ২০০৪ বৰ্ষত হোৱা প্ৰবল বানত যেতিয়া সানোৱাবাসীয়ে ননৈ নদী আৰু ব্ৰক্ষ্মপুত্ৰৰ মথাউৰিত সাময়িক ভাবে কষ্টকৰ জীৱন কটাবলগা হৈছিল সেই বিপদৰ দিনতো শ্ৰদ্ধাৰ খবিৰ আহমেদ চাৰে সানোৱাবাসীৰ খবৰ ল’বলৈ আহিছিল।খবৰ ল’বলৈ অহাৰ দিনা আবেলি উভতি যোৱাৰ আগে আগে ননৈৰ মথাউৰিত নিৰ্মান কৰা আমাৰ অস্থায়ী বাসস্থানত বাঁহৰ ঢাৰিত বহি ষ্টিলৰ বাটিত চাহ খাই গৈছিল। প্ৰমান কৰিছিল তেখেত যে এগৰাকী সৰল মনৰ অসমীয়া।
বিগত ইং ২০১১ বৰ্ষত মোৰ আব্বা হজ্বলৈ যোৱাৰ ক্ষেত্ৰত প্ৰয়োজনীয় পাছপোৰ্টৰ ভেৰিকেশ্বনৰ বাবে আব্বা আৰু মই ছিপাঝাৰ আৰক্ষী থানালৈ গৈছিলো। তেতিয়া সেই থানা খনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ নাম আছিল ৰবীন কুমাৰ চাৰ। আমি তেখেতক লগ কৰাত আথে বেথে বহিবলৈ দি তেখেতৰ কৰনীয় খিনি কৰি দি ধুনীয়াকৈ চাহ খুৱাই পঠিয়ালে। আমি থানাৰ পৰা প্ৰস্থান কৰিবৰ সময়ত আব্বাক হাতত ধৰি কুমাৰ চাৰে তেখেত আৰু থানাখনৰ কাৰনে দোৱা কৰিবলৈ বিনম্ৰতাৰে অনুৰোধ কৰিছিল।
অসমৰ সাহিত্যৰ ক্ষেত্ৰখনিত আৰু অসম সাহিত্য সভাৰ মজিয়াত অসম আৰক্ষীত বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰি থকা নাইবা অবসৰ গ্ৰহন কৰা লোকৰ বহুমূলীয়া অৰিহনা দৃষ্টিগোচৰ বাৰুকৈয়ে হয়। থিতাতে উদাহৰন দিবলৈ গ’লে সম্প্ৰতি অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি পদত কাৰ্যনিৰ্বাহ কৰি থকা লোক জন হৈছে অসম আৰক্ষীৰ অবসৰী ডি জি পি শ্ৰদ্ধাৰ কুলধৰ শইকীয়া চাৰ। সম্প্ৰতি উক্ত পদত কাৰ্যনিৰ্বাহ কৰি থকা শ্ৰদ্ধাৰ ভাষ্কৰজ্যোতি মহন্ত চাৰ এগৰাকী সুখ্যাত কবি আৰু সাহিত্যিক। অতি সফলতাৰে তেখেতে নিজৰ পদত কাৰ্যনিৰ্বাহ কৰি থকা অসমৰ বাসীয়ে প্ৰত্যক্ষ কৰি আছে আৰু তেখেতৰ দায়বদ্ধতাৰ প্ৰদৰ্শনত অসমবাসীয়ে বিভিন্ন মাধ্যমৰ জৰিয়তে সন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছে।
শ্ৰদ্ধাৰ বিৰাজ হাজৰিকা অসমত গৰীবৰ বন্ধু বুলি পৰিচিত।শদিয়াৰ পৰা ধুবুৰীলৈ অসমৰ প্ৰতিটো প্ৰান্তত থকা গৰীব , দুখীয়া সকলক সহায় কৰাই তেখেতৰ জীৱনৰ মূলমন্ত্ৰ হৈ পৰিছে। তেখেতো এগৰাকী দেশৰ প্ৰতিৰক্ষাত নিয়োজিত ব্যক্তি।
এনেদৰে যদি পৰ্যালোচনা কৰা যায় তেতিয়া হ’লে এই তালিকাখন সন্দেহাতীত ভাবে বহু দীঘলীয়া হ’ব। ওপৰত কৰা আলোচনাবোৰে আৰক্ষীৰ খাকী পোচাকৰ প্ৰতি অসমবাসীৰ শ্ৰদ্ধা , পবিত্ৰতাৰ মনোভাব , নিৰাপত্তাৰ প্ৰতি গভীৰ আস্থা আৰু বিশ্বাসযোগ্যতাক অৰ্পন কৰে।
এনেবিলাক ইতিবাচক দিশৰ মাজে মাজে দুই এক আৰক্ষী বিষয়াৰ নেতিবাচক কাৰ্যকলাপে ৰাজ্য বাসীৰ আস্থা আৰু পবিত্ৰতাৰ প্ৰতীক খাকী পোচাক যোৰত দাগ লগাবলৈ প্ৰচেষ্টা কৰে। উদাহৰন স্বৰূপে এচ্ আই নিযুক্তিৰ কেলেংকাৰীত জৰিত আছিল এগৰাকী অবসৰী উচ্চ পদস্থ আৰক্ষী বিষয়া , সম্প্ৰতি অসমখনক ড্ৰাগচ মুক্ত কৰিবলৈ অসম চৰকাৰ আৰু ৰাজ্য খনৰ আৰক্ষী প্ৰশাসনে গ্ৰহন কৰা তীব্ৰ অভিযানত সাঙোৰ খাই পৰিছে কৰ্মৰত আৰক্ষী বিষয়া আৰু অসম আৰক্ষীয়ে তেওলোকক গ্ৰেপ্তাৰ আৰু জেল হাজোতলৈ প্ৰেৰন কৰি অসমবাসীৰ প্ৰতি নিজৰ দায়বদ্ধতাৰ প্ৰদৰ্শন কৰিছে।কয়লা ব্যবসায়িক আৰক্ষী বিষয়াই টকা বিচাৰি কৰা কল ৰেকৰ্ডিং ইতিমধ্যে চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। এনে ধৰনৰ নেতিবাচক খবৰৰ মাজতে উজ্বলি উঠিছে অসম আৰক্ষীত কৰ্মৰত গৃহৰক্ষীৰ জোৱান বৰছিং বে।নিজৰ কৰ্তব্যৰ সময়ত বহু লাখ টকাৰ অফাৰ পায়ো ” খাকী পোচাকত দাগ নলগাও , দৰকাৰ হ’লে নিমখ ভাত খাম ” বুলি মন্তব্য কৰি বহু কৌটী টকাৰ ড্ৰাগচ ধৰি যি নৈতিক আদৰ্শ আৰু নিজৰ কৰ্তব্যৰ প্ৰতি দায়বদ্ধতাৰ পৰিচয় দিলে সেয়া কেৱল অসম আৰক্ষীৰ বাবে নহয় অসমৰ প্ৰতিটো বিভাগৰ কৰ্মচাৰী আৰু অসমবাসীৰ বাবে পৰম অনুকৰনীয় আৰু অসমৰ ইতিহাসত স্বৰ্নীল আখৰেৰে এই কথা লিখা থাকিব। সেই কৰ্তব্যপৰায়ন সন্মানীয় গৃহৰক্ষী গৰাকীক অসম আৰক্ষীযে এক লাখ টকাৰ পুৰষ্কাৰ আৰু আৰক্ষীৰ জোৱান হিচাপে নিযুক্তি দিবলৈ লোৱা সিদ্ধান্তত সমগ্ৰ ৰাজ্যবাসী আনন্দিত হৈছে।গৃহৰক্ষী বে’ ৰ এই কৰ্তব্য পৰায়নতা, আদৰ্শ আৰু সততাই আৰক্ষীৰ খাকী পোচাকত লাগি থকা পুৰ্বৰ সকলো দাগ যেন নোহোৱা কৰি দিলে।
এবাৰ প্ৰয়াত খবিৰ আহমেদ চাৰে তেখেতৰ নিয়মীয়া শিতান আৰক্ষীৰ ডায়েৰিত লিখিছিল আৰক্ষী সকলো মানুহহে। সেয়ে ভুল হোৱাটো স্বাভাবিক। কিন্তু আৰক্ষীৰ লোকৰ এটি ভুলে কিন্তু জনসমাজত বহু দিনলৈ কুপ্ৰভাব পেলাব পাৰে। সেয়ে খাকী পোচাকযোৰক নিজৰ সেৱাৰ দায়বদ্ধতাৰ প্ৰতীক ৰূপে গন্য কৰিলে সকলো প্ৰকাৰ আৰক্ষীৰ লোকেই বৰছিং বেৰ দৰে উজ্বলি উঠিবলৈ সমৰ্থ হ’ব পাৰিব।