ব্ৰিটিছ কাউন্সিলৰ ডিজিটেল লাইব্ৰেৰী  আৰম্ভ গুৱাহাটীত

pc-Istock

 ব্ৰিটিছ কাউন্সিলৰ ডিজিটেল লাইব্ৰেৰী  আৰম্ভ গুৱাহাটীত

অনলাইন বাৰ্ত্তাসেৱা– ডিজিটেল ফাৰ্ষ্ট পৃথিৱীত ব্ৰিটিছ কাউন্সিলত অন্তৰ্ভুক্ত গুৱাহাটীৰ সদস্যসকলে নিজৰ স্মাৰ্ট ডিভাইচ আৰু কম্পিউটাৰ ষ্ক্ৰীণতে শৈক্ষিক আৰু মনোৰঞ্জনমূলক কনটেণ্টৰ বিপুল সম্ভাৰ লাভ কৰিব পাৰে। ‘অনডিমাণ্ড’ কনটেণ্ট বৃদ্ধি পাই আছে কাৰণে ব্ৰিটিছ কাউন্সিল গুৱাহাটী তথা ভাৰতৰ অন্যান্য চহৰৰ ইউজাৰৰ কাৰণে ডিজিটেল লাইব্ৰেৰীৰ সুযোগ সুবিধাক আৰু মজবুত কৰি তুলিছে। যাতে ইউজাৰসকলে সহজতে ইউকে তথা সমগ্ৰ বিশ্বৰ সৰ্বোত্তম কনটেণ্ট লাভ কৰিব পাৰে। ডিজিটেল লাইব্ৰেৰীৰ মোবাইল এপ ভাৰ্ছনত পোৱা যায় নিৰৱচ্ছিন্ন, ইণ্টাৰেক্টিভ আৰু পাৰ্ছনেলাইজড কাষ্টমাৰ জাৰ্ণিৰ অভিজ্ঞতা। ব্ৰিটিছ কাউন্সিল ডিজিটেল লাইব্ৰেৰীৰ সদস্য হʼলেই গোটেই পৰিয়ালে একেখন ঠাইতে তথ্য আৰু মনোৰঞ্জনৰ কনটেণ্ট লাঊভ কৰিব পাৰিব। গুৱাহাটীত যোৱা ১২ মাহত ডিজিটেল লাইব্ৰেৰীৰ সদস্যৰ সংখ্যা তথা ইয়াৰ ব্যৱহাৰ উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। এই সময়ছোৱাত মাহেকীয়া গড় হিচাপে সদস্যসংখ্যা বৃদ্ধি পাইছে ১৬২ শতাংশ হাৰত। সদস্য হোৱাৰ প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখি কব পাৰিযে অডিঅʼ বুক, অনলাইন বাতৰি কাকত, আলোচনী, জাৰ্ণেল ইত্যাদি কনটেণ্টৰ জনপ্ৰিয়তাও উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। গুৱাহাটী নিৱাসী তথা ডিজিটেল লাইব্ৰেৰীৰ সদস্য ধীৰাজ জয়ছৱালকʼলে, মই শেহতীয়াকৈ ব্ৰিটিছ কাউন্সিল ডিজিটেল লাইব্ৰেৰী সদস্য হৈছো। মই ইয়াৰ বিশাল সংগ্ৰহ চাই মুগ্ধ হৈ গৈছো। ইয়াৰ সদস্য হʼবই লাগিব। তেতিয়া সকলো বিষয়ত শেহতীয়াক তথ্য লাভ কৰিব পাৰি, লগতে সমগ্ৰ বিশ্বৰ আন্তঃৰাষ্ট্ৰীয় বাতৰি কাকত, ই-বুক, আলোচনী, জাৰ্ণেল ইত্যাদি পঢ়াৰ সুযোগ পোৱা যায়। এই মহামাৰীৰ সময়তো মোৰ বৌদ্ধিক আৰু মনোৰঞ্জনৰ চাহিদা পূৰণ কৰিছে ব্ৰিটিছ কাউন্সিলে।

 

(RT)