ব্ৰাজিল ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱা লুলা দা ছিলভাক অভিনন্দন জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ

Pc The Print

ব্ৰাজিল ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱা লুলা দা ছিলভাক অভিনন্দন জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ব্ৰাজিলৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লুইজ ইনাচিও লুলা দা ছিলভাক অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে “আমাৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক গভীৰ আৰু বহল কৰাৰ লগতে বিশ্বজনীন বিষয়ত আমাৰ সহযোগিতাৰ বাবে একেলগে কাম কৰাৰ বাবে মই আশাবাদী।” ইয়াৰ পূৰ্বে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা লুলা দা ছিলভাই ৫০.৯% ভোট লাভ কৰি বৰ্তমানৰ ৰাষ্ট্ৰপতি জেইৰ বলছ’নাৰোক পৰাস্ত কৰে।