ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব আৰু এখন নতুন দলং

Pc Mint

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব আৰু এখন নতুন দলং

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমবাসীৰ বাবে সুখবৰ। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব আৰু এখন নতুন দলং। শৰাইঘাটত নিৰ্মাণ হ’ব এই নতুন দলং। দলংখন ৰে’ল আৰু আন বাহনৰ বাবে দুখলপীয়া ৰূপত নিৰ্মাণ কৰা হ’ব।কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে টুইটাৰযোগে এই কথা ঘোষণা কৰে।এই দলং পুৰণি দলঙৰ কাষতে নিৰ্মাণ হ’ব। দলংখনৰ বাবে ৯৯৬ কোটি ৭৫ লাখ টকা অনুমোদন জনাইছে কেন্দ্ৰই। গাডকাৰীয়ে জানিবলৈ দিয়া মতে, প্ৰধানমন্ত্ৰীৰ গতিশক্তি মিছনৰ অধীনত নিৰ্মাণ হ’ব এই দলংখন।