ব্যঞ্জন প্ৰণালীঃ জিকা বাকলিৰ চাটনি:সন্ধ্যাৰাণী গোস্বামী,গোলাঘাট

জিকা বাকলিৰ চাটনি
উপকৰণ: জিকা বাকলি
৬ফুটা নহৰু
ধনীয়া পাত
জলকীয়া
নিমখ
চেনী
নেমু
প্ৰণালী: প্ৰথমে আমি জিকা বাকলি(নিজৰ প্ৰয়োজন অনুযায়ী)খিনি ভালদৰে ধুই এখন কেৰাহীত বইল কৰি ললোঁ,অলপ আধা সিজা হলেই নমাই থৈ সেইয়া ঠাণ্ডা হবলৈ দিলোঁ। এটা পাত্ৰত সিজোৱা বাকলি খিনি দিলোঁ,তাতে নহৰু আৰু
জলকীয়া(নিজৰ প্ৰয়োজন অনুযায়ী)দিলোঁ,অকণমান চেনী অকণমান নিমখ দি তাতে অলপ নেমু ৰস দি দিলোঁ। ধনীয়া পাত দুটা দি মিক্সাৰ গ্ৰাইন্দত ভালদৰে গ্ৰাইন্দ কৰি দিলোঁ। হৈ গল জিকা বাকলিৰ চাটনি।খাই খুবেই ভাল লাগে,আপোনালোকেও খাই চাবচোন এবাৰ।
সন্ধ্যাৰাণী গোস্বামী,গোলাঘাট।