বৈজ্ঞানিক প্ৰমাণৰ আধাৰত বৃদ্ধি কৰা হৈছে কভিশ্বিল্ডৰ দুটা পালিৰ মাজৰ ব্যৱধান

pc The News Minute

অনলাইন বাৰ্ত্তাসেৱা – চৰকাৰে ১৩ মে’ত কৈছিল যে ই কোভিড-১৯ৰ ৱৰ্কিং গ্ৰুপে পৰামৰ্শ প্ৰদান কৰিছে আৰু কভিশ্বিল্ড ভেকছিনৰ দুটা পালিৰ মাজৰ ব্যৱধান ৬-৮ সপ্তাহৰ পৰা ১২-১৬ সপ্তাহলৈ বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ এটা পেনেলে প্ৰকাশ কৰে, কভিশ্বিল্ডৰ দুটা পালিৰ মাজত ব্যৱধান বৃদ্ধিৰ বিষয়ে সিদ্ধান্তটো বৈজ্ঞানিক প্ৰমাণৰ ওপৰত আধাৰিত আছিল আৰু স্বচ্ছ ভাৱে লোৱা হৈছিল। টিকাকৰণ সম্পৰ্কীয় ৰাষ্ট্ৰীয় কাৰিকৰী পৰামৰ্শদাতা গোট(এন.টি.এ.জি.আই.)ৰ অধ্যক্ষ এন. কে. অৰোৰাই মঙলবাৰে কৈছিল যে এই সন্দৰ্ভত পেনেলৰ সদস্যসকলৰ মাজত কোনো ভিন্ন মত নাই।