বোম্বে উচ্চ ন্যায়ালয়ে ৰাজ কুন্দ্ৰাক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে

pc- Times of India

বোম্বে উচ্চ ন্যায়ালয়ে ৰাজ কুন্দ্ৰাক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে

অনলাইন বাৰ্ত্তাসেৱা– বোম্বে উচ্চ ন্যায়ালয়ে ব্যৱসায়ী ৰাজ কুন্দ্ৰাক পৰ্ণ ভিডিঅ’ চক্ৰৰ লগত জড়িত গোচৰত ১৪দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ১৯ জুলাইত গ্ৰেপ্তাৰ কৰা ৰাজ কুন্দ্ৰাক আৰক্ষীয়ে জিম্মাত লৈ জেৰা কৰাৰ পাছত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ৰাজ কুন্দ্ৰা আৰু আনএগৰাকী অভিযুক্ত ৰিয়ান থৰ্পেই বোম্বে উচ্চ ন্যায়ালয়ত দাখিল কৰা এক আবেদনত আৰক্ষীয়ে আগতীয়া জাননী অবিহনে গ্ৰেপ্তাৰ কৰা বুলি উল্লেখ কৰে। ৰাজ কুন্দ্ৰাৰ অধিবক্তাই তেওঁৰ জামিনৰ বাবে আবেদন দাখিল কৰিছে।

(R.T)