বেটেলফিল্ড মোবাইল ইণ্ডিয়াৰ শুভাৰম্ভৰ বাবে অপেক্ষা

pc English News

ভাৰতৰ লাখ লাখ পাব-জি(Pub-G) প্ৰেমীয়ে বেটেলফিল্ড মোবাইল ইণ্ডিয়া ৰ শুভাৰম্ভৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে, যি হৈছে পাব-জি ম’বাইল ইণ্ডিয়াৰ ভাৰতীয় সংস্কৰণ। কিন্তু গেম্ বিকাশকাৰীসকলে(Game Developers) এতিয়াও বেটেলগ্ৰাউণ্ডছ ম’বাইল ইণ্ডিয়াৰ মুকলিৰ তাৰিখৰ ওপৰত কোনো আনুষ্ঠানিক ঘোষণা আগবঢ়োৱা নাই।

উল্লেখ্য যে, প্ৰায় ২৫ দিন পূৰ্বে গুগল প্লে ষ্ট’ৰত বেটেলগ্ৰাউণ্ডছ ম’বাইল ইণ্ডিয়াৰ প্ৰাক-পঞ্জীয়ন আৰম্ভ হৈছিল। ইয়াৰ অংশ হিচাপে, বেটেলগ্ৰাউণ্ডছ ম’বাইল ইণ্ডিয়াৰ বিকাশক ক্ৰাফ্টনে পাব-জি ম’বাইল ইণ্ডিয়াৰ দেশী সংস্কৰণ  অফিচিয়েল ছ’চিয়েল মিডিয়াৰ জৰিয়তে বেটেলগ্ৰাউণ্ডছ ম’বাইল ইণ্ডিয়াৰ আগমনৰ আগে আগে গেমটোৰ প্ৰচাৰৰ অৰ্থে চাৰিওফালে সকলো ধৰণৰ  প্ৰচেষ্টা গ্ৰহণ কৰিছে।