বেটেলগ্ৰাউণ্ড ম’বাইল ইণ্ডিয়াৰ ‘বেটা'(Beta) মুকলি

pc InsideSport

অনলাইন বাৰ্ত্তাসেৱা – পাব-জি(Pub-G) ম’বাইলক যোৱা বছৰ ভাৰত চৰকাৰৰ দ্বাৰা নিৰাপত্তাৰ সমস্যা আৰু গোপনীয়তাৰ বাবে নিষিদ্ধ কৰা হৈছিল। দেশখনত পাব-জি নিষিদ্ধ হোৱাৰ পিছত দক্ষিণ কোৰিয়াই বেটেলগ্ৰাউণ্ডছ ম’বাইল ইণ্ডিয়া আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল। বহু প্ৰত্যাশিত এই খেলটোৰ বাবে ভাৰতৰ খেলুৱৈসকল অধীৰ অপেক্ষাত আছে। কোৰিয়ান কোম্পানীটোৱে বেটেলগ্ৰাউণ্ডছ ম’বাইল ইণ্ডিয়া(Battlegrounds Mobile India)ৰ মুকলি সন্দৰ্ভত টিজাৰ আৰু বাতৰি মুকলি কৰি আছে। কিছু সূত্ৰৰ পৰা পোৱা প্ৰতিবেদন অনুসৰি, খেলখন ১৮ জুনত অৰ্থাৎ আজি মুকলি কৰা হ’ব বুলি জানিব পৰা গৈছে।