বেটাৰহাফ- ববিতা বৰা

Pc-Globaltimes Nigeria

বিপ্ বিপ্ শব্দৰে বাজি উঠিল মবাইলটো।বাৰান্দাত বহি চিগাৰেটো উপভোগ কৰি থকা অৱস্থাৰ পৰা উঠি গৈ ফোনটো চোৱাৰ প্ৰয়োজনবোধ কৰা নাই মই।…জানো।

হয়তো বা কাষ্টমাৰ কেয়াৰৰ নাইবা অফিচৰ কোনো লগৰেই কামৰ তাগিদাৰ বাবে অহা ফোনকলেই হ’ব।
গতানুগতিক।
কোনো নতুনত্ব নাই। সেইবাবেই কোনে বা কি কাৰণত ফোন কৰিছে,কিয় বা বিচাৰিছে মোক.. ইয়াক লৈ নাই মোৰ উৎসুকতা।অফিচৰ প্ৰয়োজনীয় কামত ফোনটো ব্যৱহাৰ কৰাৰ বাদে বা কেতিয়াবা দুই এটা ভিডিঅʼ চোৱাৰ বাদে
মই ব্যস্ত নহʼওঁ ফোনত,মেছেজত।খুচৰি নাথাকো ফেচবুক,হোৱাটচ এপৰ মেছেজবক্সবোৰ,এইবোৰ অভ্যাস বাদ পৰিল মোৰ কেতিয়াবাই।
সঘনাই মেছেজবক্স খুচৰি থাকি আপোনজনলৈ কৰা অপেক্ষা অভিমানবোৰ বৰ্তমান মোৰ বাবে লʼৰা ধেমালি সদৃশ..।
সামাজিক মাধ্যমবোৰতো মোৰ একাউন্ট বোৰ এটা পংগু শৰীৰৰ দৰে পৰি থাকে।
কেতিয়াবা মোৰো আচৰিত লাগে, কিমান বছৰ যে মই মোৰ প্ৰফাইল ফটোখনেই সলোৱা নাই!উপায় নাই,মনে নকয়।
আচলতে ইচ্ছা কৰিও আতঁৰ কৰিব নোৱাৰি বাবেহে মই মবাইলটো ব্যৱহাৰ কৰো,নহʼলে ই হৈ পৰিলহেতেঁন বেকাৰ..।
যি হওঁক,কোনোবাই মোলৈ ফোন কৰিলে অৱশ্যেই মই প্ৰত্যুত্তৰ দিওঁ বা মিছকল বোৰত কলবেক কৰো..।
আতৰিত লাগে কাৰণ উদাসীনভাৱে পৰি ৰোৱা মোৰ ফোনত তিনিমাহৰ ডাটাপেক, দৈনন্দিন এশ টা ফ্ৰী মেছেজ,আনলিমিটেড কলবোৰ,আনকি দৈনিক ডেৰ জি-বিৰ আধাতকৈও বেছি ডাটাবোৰ আজিৰ পৰা দুবছৰ আগলৈকে আছিল মোৰ বাবে তেনেই নগন্যহেন!
মোৰ লগৰবোৰে মোক হাহেঁ।
‘ঐ দেৱদাস’,’বৰলা কাই’ বুলি মোক ধেমালিতে কয় যে মোৰ দৰেই হেনো মোৰ ফোনটোও একেই..সংগীহীন,উদাস,নিশ্চুপ,নিমাত..।
সংগীহীন…ঠিকেই।
সচাঁকৈয়েই উদাসীন,নিৰস,জঠৰ মই।
উশাহ লৈ আছো মাথো মৃত্যুৰ কামনাত।
কোনে জানে,এই উদাসীন মইটোৰ ভিতৰৰ হৃদয়খনৰ প্ৰয়োজন, অন্তৰৰ হাহাকাৰ বা কোনেনো জানিবলৈ চেষ্টা কৰিলে মোক!
মইওটো জানো বা উপলব্ধি কৰো,মই যে এতিয়া মই নহয়.. একেবাৰেই নহয়।
বিৰক্তিৰে তুলি লʼলো ফোনটো।
স্ক্ৰীনত চকু পৰাত,ভাহিঁ অহা নম্বৰটো দেখি একপলকৰ বাবে জোকাৰ খাই উঠিল মোৰ সৰ্বশৰীৰ।
সাহস নহʼল ফোনটো ৰিচিভ কৰিবলৈ।হাতখন হৈ পৰিল শক্তিহীন।
দ্বিতীয়বাৰো ফোনটো বজাত,এইবাৰ কিছু সাহস গোটাই ৰিচিভ কৰি কওঁ নকওঁকৈ এটা চেপা মাতৰে কৈ উঠিলো,’হেল্ল’…..’
সিমূৰৰ পৰাও ভাহিঁ আহিল এটা কোমল মৃদু বহুদিনীয়া চিনাকি মাত,’হেল্ল’
আস!এই মাতে পলকতে তচনচ কৰি পেলালে মোক।মোৰ গাটো কপিঁ উঠিছিল..চেচাঁ হৈ আহিছিলো মই।হাত ভৰিত সাৰ সুৰ নোহোৱাৰ দৰে কোনোমতে বাগৰি নপৰাকৈ থিয় হৈ থাকিলো।
মোৰ কন্ঠ ৰুদ্ধ হৈ পৰিছিল।মূক-বধিৰৰ দৰে সিমূৰৰ চিনাকী মাতটোত প্ৰত্যুত্তৰ দিয়া নাছিলো মই।ক’ব নোৱাৰাকৈ এসোতাঁ গৰম লোটক বাগৰি আহিল মোৰ দুচকু ভেদি..
‘হেল্ল’,শুনিছানে…’
:কোৱা..
একপ্ৰকাৰে চেপাঁ কন্ঠৰে কৈ উঠিলো মই।
:চিনি পাইছা নে..তোমাৰ খবৰ লওঁ বুলি ফোনটো কৰিলো।বহুত মনত পৰি থাকে এতিয়াও তোমালৈ জানা..মোক..মোক পাৰিলে ক্ষমা কৰি দিবা..।
..সিমূৰৰ সেই মিঠা কন্ঠ ই মোক আৰু স্থিৰ হৈ থকাৰ সুযোগ নিদিলে।আৱেগত হুক্ হুকাই কান্দি পেলালো মই।
মোৰ উদাস হৃদয়খন প্ৰচণ্ড জোৰে ধপ্ ধপাইছে,কি কৰো কি নকৰোৰ দৰে লাগিছে,আচন্দ্ৰাই আৱৰি পেলাইছে মোৰ চিন্তা শক্তিক..।
মোৰ মনে কৈছিল যেন মই..আকৌ এবাৰ দৌৰ মাৰিম এই কন্ঠৰ গৰাকীৰ ওচৰলৈ,যি মোক নিচুকাব,এটা সৰু শিশুৰ দৰে মোক বুকুত সাৱটি ল’ব,ভাঙিব মোৰ প্ৰতিটো আউল লগা পৰিস্থিতিৰ দেৱাল,মোক দিব মৰম আৰু ভালপোৱা…আৰু..আৰু..জীয়াই থকাৰ প্ৰেৰণা,উৎস,কাৰণ..।
বুকুখন হান মাৰি ধৰিলে মোৰ।উফ এইয়া বৰ যান্ত্ৰণা..
মনত পৰিল,মইটো হস্পিতালৰ বেড’ত পৰি চেলাইনৰ খুচ খাইছিলো,মইটো গাড়ীৰ আগত পৰি কথমপি নমৰাকৈ উভটিছিলো,এটা ভৰিত ফ্ৰেকচাৰো হৈছিল মোৰ..ক’তা..সেইবোৰ বিষৰ যান্ত্ৰণা কিয় মনয নাই মোৰ?মৃত্যুক বিচাৰি কাতৰ হৈ পৰা মোৰ নিচাসক্ত কলিজাটোক যেতিয়া মই চেপি চেপি হত্যা কৰিবলৈ  পীড়া দিছিলো,সেই তাড়নাবোৰে মোক কষ্ট নিদিয়ে কিয়?
কিয়….এই যান্ত্ৰণা?
 কি আছে সিমূৰৰ এই কন্ঠৰ গৰাকীৰ,যাৰ প্ৰতিটো উশাহত মই স্বস্ত্বিৰ গান গাইছিলো,যাৰ পৰশত মই পাহৰি পেলাইছিলো ভাগৰ,যাৰ দুচকুত মই দেখা পাইছিলো মোক আৰু যাৰবাবেই মই হেৰুৱাই পেলালো মোক।
ইমান কন্দোৱাইছিল এই গৰাকীয়েই,যি দিনা তেওঁ শিৰত পিন্ধিছিল কোনো অচিনাকিৰ নামৰ সেন্দুৰ..
ইচ্ছা কৰা হ’লে সেইদিনা মই আজুৰি আনিব পাৰিলোহেতঁন তেওঁক।মোৰ ইমানখিনি পুৰুষত্ব আছে।
একমাত্ৰ তেওঁ আৰু তেওঁৰ সন্মানৰ খাটিৰত মই এটা পাখি কটা চৰাইৰ দৰে ধৰফৰাই, তেওঁক সমৰ্পন কৰিলো আনৰ হাতত।মই জানো, তেওঁৰ ভূল নাছিল। তেৱো বাধ্য পৰিয়ালৰ ওচৰত,পৰিস্থিতিৰ ওচৰত..
মনত পৰিল সেইদিনটোলৈ,যিদিনা মই যথেষ্ঠ নিচা কৰিছিলো..
হৃদয়ৰ পৰা হৃদয়লৈ গঢ়া সাকোঁখনত যিদিনা আমি এজনে-ইজন বিপৰীত দিশত গতি কৰি হেৰুৱাই পেলাইছিলো উভটাৰ বাট,সেইদিনা তেৱো খুউব কান্দিছিল।
কোনো অচিনাকি এজনৰ দুবাহুত তেওঁৰ শয্যাশায়ী কাল্পনিক দৃশ্যই মোক যিমান আঘাত দিছিল,তেৱোটো তাতকৈ দহগুণে দুখ পাইছিল,লাজ পাইছিল হয়তো সংকোচও কৰিছিল…
..উহো।মই তেওঁক বেয়া পোৱা নাই,বা পাবও নোৱাৰো।ভালপোৱা মানুহবোৰক বেয়া পাব নোৱাৰো মই।
মই মোক বেয়া পাওঁ কাৰণ আনৰ দুচকুত মই আৰু কোনোদিন নিজকে চাব নোৱাৰিম।মই নিজকে চম্ভালিব নোৱাৰিম।মই চাগে আৰু কোনোদিন হাহিঁবও নোৱাৰিম..জানিছিলো,
তেওঁৰ নামৰ ৰাগীবোৰে মোক সদায়েই পাগল কৰিব.. তেওঁৰ ফোন-মেছেজতেই আৰম্ভ আৰু শেষ হোৱা সময়বোৰে মোক খুউব অত্যাচাৰ কৰিব। তেওঁৰ লগত একেলগে উপভোগ কৰা বা ‘তুমি নগ’লে নাযাওঁ’ বুলি প্ৰতিটো কথাতে মুখ ওলন্দোৱা মোৰ মনৰ নাৰী গৰাকীৰ অনুস্থিতিয়ে মোক তিল তিল কৈ খাই মাৰিব।
প্ৰতি নিশা ঘন্টাৰ পিছত ঘন্টা ধৰি লাগি থকা ফোনকল,মেছেজবোৰৰ অভাৱত মোৰ মবাইলটোও সচাঁকৈয়ে হৈ পৰিব মূল্যহীন….
সচাঁয়েই,
বৰ কষ্টৰে পাৰ কৰিছো সময়।
খঙত,দুখত আনকি তেওঁক মনৰ পৰা দূৰ কৰিবলৈয়েই মই দৈনিক নিচা কৰিছিলো,কৰো।চিগাৰেটৰ গোন্ধত বমি অহা মইটোৱে এতিয়া চিগাৰেট এটা নুহুপাকৈ থাকিব নোৱাৰা হৈছো..।
যিমান পাৰো নিজকে মাতাল ৰাখিবলৈ চেষ্টা কৰিছো যদিও তেওঁৰ মুখ খন কোনোকালে পাহৰিব পৰা নাই মই।হয়তো নোৱাৰোও।
:হেল্ল…শুনিছানে?
একো এটা প্ৰত্যুত্তৰ নিদিয়াকৈ ফোনটোৰ সংযোগ বিচিন্ন কৰিলো মই।
নাজানো, তেওঁ কি ভাৱে।কোনো বেয়াপোৱা,অভিমান বা আক্ৰোশত মই ফোনতো কটা নাই।
ইমান নিষ্ঠুৰ নহয় মই।
মোৰো মন আছিল যাতে হেপাহঁ পলোৱাই শুনি থাকিবলৈ পাওঁ তেওঁৰ মাত.. তেওঁক।
সম্প্ৰিতী এইবোৰ কল্পনা অবাস্তৱ।কাৰণ তেওঁ এতিয়া আনৰ পত্নী,অৰ্ধাংগিনী..আৰু মই..এটা বদনামী,ঘোৰ নিচাখোৰ,উদাস এটা ভগ্ন প্ৰেমিক।…
চকুপানীবোৰ মচি,একপ্ৰকাৰে দলিয়াই দিয়াদি পেলাই দিলো ফোনটো। তেওঁৰ বিবাহৰ দিন ধৰি না মই তেওঁক যোগাযোগ কৰিছো,না তেওঁ মোক। তেওঁ ভালে থাওঁক,সুখত থাওঁক।তেওঁৰ ইচ্ছাবিৰোধী বা সন্মাণত আঘাত লগা একো কাম মই ভূলটো নকৰো।মোৰ জীৱন থকালৈকে তেওঁক এটা আচুঁৰো লাগিবলৈ নিদিওঁ কোনোদিন,লাগিলে মই কষ্টতে থাকিম,তিল তিলকৈ জ্বলিম,মৃত্যুৰ মূহুৰ্তলৈকে তেওঁকে ভালপাম,আগৰদৰেই….।
টেবুলত পৰি ৰোৱা বিলাতী এবটলৰ অৱশিষ্টখিনি  ঘোট ঘোটকৈ মুখত বাকী লৈ,পূনৰ মই জ্বলাই ল’লো মোৰ আধা খোৱা চিগাৰেট টো…বুকুত বাজি উঠিল
নিঃসংগতাৰ এটা দৰদী গান..।
‘হাৰ তাৰাফ বিখৰেহে তেৰী
য়াদো ক্যেহী নিচান..
মেৰে হাৰ এক চিজ্ মে হ্যে
তেৰীহী পাৰচাইয়া..ʼ
উফফফ,ছেহ!কি যে এই ভালপোৱা..
মদকৈও দেখোন ই এক ঘোৰ নিচা..
ববিতা বৰা