বৃহস্পতিবাৰে অলিম্পিকত ভাৰতীয় পুৰুষৰ হকী দলটো ব্ৰঞ্জৰ পদকৰ বাবে জাৰ্মানীৰ মুখামুখি হ’ব

pc TechReader

বৃহস্পতিবাৰে অলিম্পিকত ভাৰতীয় পুৰুষৰ হকী দলটো ব্ৰঞ্জৰ পদকৰ বাবে জাৰ্মানীৰ মুখামুখি হ’ব

অনলাইন বাৰ্ত্তাসেৱা – মঙলবাৰে টকিঅ’ অলিম্পিকত অনুষ্ঠিত দ্বিতীয় পুৰুষৰ হকী ছেমি ফাইনেলত বিশ্বৰ প্ৰথম স্থানত থকা অষ্ট্ৰেলিয়াই বিশ্বৰ চতুৰ্থ স্থানত থকা জাৰ্মানীক ৩-১ গ’লত পৰাস্ত কৰে। বেলজিয়ামৰ বিৰুদ্ধে ছেমি ফাইনেল খেলখনত ২-৫ ব্যৱধানত পৰাজিত হোৱা ভাৰতে বৃহস্পতিবাৰে পুৱা ৭ বজাৰ পৰা ব্ৰঞ্জৰ পদকৰ বাবে হ’বলগীয়া খেলখনত জাৰ্মানীৰ মুখামুখি হ’ব। উল্লেযখযোগ্য যে বৃহস্পতিবাৰে আবেলি ৩.৩০ বজাৰ পৰা অনষ্ঠিত হ’বলগীয়া ফাইনেল খেলখনত অষ্ট্ৰেলিয়াই বেলজিয়ামৰ মুখামুখি হ’ব।

(UD.)