বৃদ্ধাবাসত ব্যতিক্ৰম ভোগালী বিহু

বৃদ্ধাবাসত ব্যতিক্ৰম ভোগালী বিহু

ৰঙিলী বাৰ্ত্তাসেৱা- ভোগালী বিহু উপলক্ষে লেখিকা,হাতীগাঁওৰ নিবাসী ৰমিছা বেগমে সম্পূৰ্ণ ক’ভিড প্ৰটোকল মানি আজি দুখন বৃদ্ধাবাসত ভোগালী বিহুৰ পিঠা পনা বিতৰণ কৰে। সমাজ সেৱক উৎপল হৰ্ষবৰ্ধনৰ দ্বাৰা পৰিচালিত প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাবাস আৰু সোণাপুৰ চৰকাৰী বৃদ্ধাবাসত গৈ ককা আইতাসকলৰ আশীৰ্বাদ লয়। বেগমে ককা আইতাসকলৰ কাৰণে নিজ হাতে কুলি পিঠা, জোনবেৰী পিঠা, ভাপনীয়া পিঠা, চেৰী পিঠা, তেলৰ পিঠা, পাটী সপ্তা পিঠা, কেক, পোলাও আৰু কণী বনাই খুৱাই থৈ আহে। বেগমে ঘৰৰ পৰা অনা বিভিন্ন ধৰণৰ পিঠা আইতা সকলে অতি তৃপ্তিৰে খাই বেগমৰ পৰিয়ালক ভূৰী ভূৰী আশীৰ্বাদ দিয়ে৷ এই পিঠা আৰু পোলাও বনোৱাতে বেগমক সহায় কৰে ইমদাদিয়া নগৰৰ নীলিমা খাতুন আৰু জহুৰা খাতুনে।