বৃটেইনৰ লোকসকলক সহায় কৰিবলৈ কাবুলত মোতায়েন কৰা হৈছে বৃটেইনৰ সেনা

pc Medium

বৃটেইনৰ লোকসকলক সহায় কৰিবলৈ কাবুলত মোতায়েন কৰা হৈছে বৃটেইনৰ সেনা

অনলাইন বাৰ্ত্তাসেৱা – বিশ্বৰ বিভিন্ন দেশে নিজৰ দেশৰ নাগৰিকক আফগানিস্তানৰ পৰা উদ্ধাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে। বৃটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনেও এইক্ষেত্ৰত নিজ দেশৰ জনতাক দেশখনৰ পৰা উদ্ধাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। আফগানিস্তান এৰি স্বদেশলৈ আহিবলৈ কাবুল বিমানবন্দৰত ভিৰ কৰা বৃটেইনৰ লোকসকলক সহায় কৰিবলৈ কাবুলত মোতায়েন কৰা হৈছে বৃটেইনৰ সেনা। বৃটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আফগানিস্তানৰ পৰা নিজ দেশৰ নাগৰিকক উদ্ধাৰ কৰিবলৈ কাবুলত অধিক পৰিমাণে সামৰকি বাহিনীৰ সহায় লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জানিব পৰা মতে, কলচেষ্টাৰস্থিত ১৬ এয়াৰ এছল্ট বিগ্ৰেডৰ (১৬ এক্স) সেনা এতিয়াও আফগানিস্তানৰ ৰাজধানী কাবুলত বাহৰ পাতি আছে। তেওঁলোকে ইতিমধ্যে অৱনিত হৈ পৰা নিৰাপত্তা পৰিস্থিতিৰ মাজতে অপাৰেচন পিটিংৰ অংশ হিচাপে ব্ৰিটিছ নাগৰিক আৰু অধিকাৰী ব্যক্তিসকলক স্থানান্তৰ কৰাত সহায় কৰিব পাৰাকৈ আছে।