বুধবাৰে ৰাজস্থানত ক’লা ভেঁকুৰক (BLACK FUNGUS) মহামাৰী  ৰোগ ঘোষণা কৰা হয়

আজি বুধবাৰে ৰাজস্থানত ক’লা ভেঁকুৰক (BLACK FUNGUS) মহামাৰী  ৰোগ ঘোষণা কৰা হয়

বাৰ্ত্তাসেবা- ক’ভিডৰ পৰা আৰোগ্য হোৱা লোকসকলক মুখ্যতঃ প্ৰভাৱিত কৰা ক’লা ভেঁকুৰক ৰাজস্থানত মহামাৰী হিচাপে ঘোষণা কৰা হৈছে।বৰ্তমান, ৰাজ্যখনত প্ৰায় 100 জন ক’লা ভেঁকুৰৰোগী আছে আৰু তেওঁলোকৰ চিকিৎসাৰ বাবে জয়পুৰৰ চৱাই মান সিং (এছএমএছ) চিকিৎসালয়ত এটা পৃথক ৱাৰ্ড নিৰ্মাণ কৰা হৈছে।ৰাজ্যখনৰ প্ৰধান স্বাস্থ্য সচিব অখিল অৰোৰাই জাৰি কৰা এক জাননী অনুসৰি ৰাজস্থান মহামাৰী আইন ২০২০ৰ অধীনত ৰাজ্যখনত মুকৰ্মাইকোচিছক মহামাৰী আৰু এক অধিসূচনাযোগ্য ৰোগ হিচাপে জাননী দিয়া হৈছে।