কোভিড-১৯ হৈছে মানবজাতিৰ সম্মুখত কঠিন সংকটঃ মোদী

PC mint

বাৰ্ত্তাসেৱা – আজিৰ বুদ্ধৰ্ণিমাৰ এই বিশেষ দিনটোত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ভাষণত কয় যে মানৱজাতিয়ে দশকজুৰি সন্মুখীন হোৱা আটাইতকৈ কঠিন সংকটোৱেই হৈছে কোভিড-১৯, কিয়নো বিশ্বই এক শতিকাৰ ভিতৰত এনে ধৰণৰ মহামাৰীৰ সন্মুখিন হোৱা নাই।

      কোভিড-১৯ৰ পিছত আমাৰ এই পৃথিৱীখনৰ পৰিস্থিতি আগৰ দৰে হৈ নাথাকিব, আৰু ভৱিষ্যতে সংঘটিত সকলোবোৰ ঘটনা আমি কোভিড-পূৰ্ব আৰু উত্তৰ কাল হিচাপে মনত ৰাখিম। বুদ্ধ পূৰ্ণিমাৰ ওপৰত “ভাৰ্চুৱেল ভেচাক গ্লোবেল উদযাপন” উপলক্ষে এই ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

       প্ৰধানমন্ত্ৰী মোডীয়ে মহামাৰীত পীড়িত, নিকট আৰু প্ৰিয়জনৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কোভিড-১৯ ভেকছিনৰ ওপৰত কাম কৰা বিজ্ঞানীসকলৰ যি ভূমিকা আছে তাৰ বাবে ভাৰতে তেওঁলোকক লৈ গৌৰৱান্বিত বুলি প্ৰশংসা কৰে।