বি জে পি দলৰ প্ৰাৰ্থী সকলৰ মাজত বিজয় উল্লাস অব্যাহত

pc.The Janambhumi

বি জে পি দলৰ প্ৰাৰ্থী সকলৰ মাজত বিজয় উল্লাস অব্যাহত

ইকবাল হুছেইন,মৈৰাবাৰী, ৰঙিলী বাৰ্ত্তাসেৱা- ধিং পৌৰসভাৰ ৱাৰ্ড সমুহত ব্যাপক খহনীয়া কংগ্ৰেছৰ। নগাঁও জিলাৰ ধিং পৌৰসভাৰ অন্তৰ্গত দহটা ৱাৰ্ডৰ মাজত দহটাই বি জে পি য়ে দখল কৰি আকৌ এবাৰ পৌৰসভা গঠন কৰিবলৈ আগবাঢ়িছে। লক্ষণীয় বিষয় যে আজি নিৰ্বাচনৰ ফলা ফল ঘোষণা কৰাৰ লগে লগেই ধিং পৌৰসভাৰ বি জে পিৰ কৰ্মী সকলৰ মাজত বৈছে বিজয়ৰ আনন্দৰ জোৱাৰ। উল্লেখযোগ্য যে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী, বিধায়ক, বিধায়িকা সকলে ধিং পৌৰসভাৰ ৱাৰ্ড সমুহত চলাইছিলে নিৰ্বাচনী প্ৰচাৰ । লক্ষণীয় বিষয় যে বি জে পি দলৰ এটা ঢৌৱে সৃষ্টি কৰিছিল কংগ্ৰেছৰ ব্যাপক খহনীয়াৰ। ধিং পৌৰসভাৰ দহটা ৱাৰ্ডতেই প্ৰাক্তন মন্ত্ৰী গৌতম বৰা দেৱে বিজেপি দলৰ হৈ ৱাৰ্ড সমুহত চলাইছিল নিৰ্বাচনী প্ৰচাৰ।ইয়াৰ উপৰিও প্ৰাক্তন বিধায়িকা আঙ্গুৰ লতা ডেকা মৈৰাবাৰী মন্ডল কমিটিৰ দ্বায়িত্ব থকা সদস্য সকল আৰু মৈৰাবাৰী পঞ্চায়তৰ সভানেত্ৰী সাহনাজ সুলতানাই । আজি তেওঁলোক সফল বুলি খুব উজাৰিলে ৱাৰ্ড সমুহৰ ৰাইজে। ইফালে দহ নং ৱাৰ্ডৰ প্ৰাৰ্থী ৰীমা ৰবি দাসৰ বিজয়ীত ৱাৰ্ডৰ ভোটাৰ সকলৰ মাজত আনন্দ উল্লাসৰ এক মূহুৰ্তৰ প্ৰতিচ্ছবি আমাৰ সাংবাদিকৰ কেমেৰাত বন্দী হৈছে।