বি ছাই প্রণীতৰ ছুপাৰ হান্ড্রেড বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

pc olympics

বি ছাই প্রণীতৰ ছুপাৰ হান্ড্রেড বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতৰ খেলুৱৈ বি ছাই প্রণীত ফ্ৰান্সৰ অৰ্লিয়েন্সত অনুষ্ঠিত অর্লিয়েন্স মাষ্টাৰ্ছ ২০২২ ছুপাৰ হান্ড্রেড বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। বিশ্বৰ ১৯ সংখ্যক স্থানৰ খেলুৱৈ প্ৰণীতে কালি চেক গণৰাজ্যৰ জেন ল’ড়াক ২১-১৯, ২১-১২ গেমত পৰাস্ত কৰে। ইপিনে মহিলাৰ ছিংগলছৰ ভাৰতৰ অনুপমা উপাধ্যায় আৰু ইৰা শৰ্মাই তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। দ্বিতীয় ৰাউণ্ডত অনুপমাই ছুইজাৰলেণ্ডৰ জেনজিৰা ষ্টেডেলমেনক ২১-১২, ২১-১৮ গেমত পৰাস্ত কৰাৰ বিপৰীতে ইৰা শৰ্মাই ফ্ৰান্সৰ কুই জুইফেইক ২১-১৪, ২১-১৭ গেমত পৰাভূত কৰে। অৱশ্যে সতীৰ্থ খেলুৱৈ অস্মিতা চলিহা ইণ্ডোনেছিয়াৰ পুত্ৰি কুসুমা ৱাৰ্ডানিৰ হাতত ২১-১৭, ১৯-২১, ২১-১৪ গেমত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়। আনহাতে মিক্সড ডাবল্‌ল্ছত ঈশান ভাটনাগৰ আৰু তনিশা ক্রেষ্টই সতীর্থ খেলুৱৈ আছিথ সূৰ্য আৰু স্বেতাপর্ণা পাণ্ডাৰ যুটীটোক ২১-৮, ২১-১০ ত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে।