বিহু- প্ৰত্যাশা মুক্তিয়াৰ

p.c.- The Indian Express

বিহু

;পৰহিলৈ বিহু আহিম আহিম কে নহা হ’লি যে।
;চাও ৰ’হ কি হয় , নিজৰ বাবে সময় মিলাব পৰা নাই।
;নাহ’ তাৰ মানে ,এইবাৰ গাৱৰ আটাইকেইটাই মিলি অলপ ফূৰ্তি কৰিম বুলি ভাবিছিলো ।অভিও নাহে বিহুতে পৰীক্ষা বুলে তাৰ ।আৰু তইও।
;ৰ’বিচোন কাইলৈ দিনটো আছেইচোন ।
; নাই ,মই জানো নাহ’ তই।আঁতৰত পঢ়িবলৈ গৈ বাৰুকৈয়ে সলনি হৈছ।কাৰোৰে সময় নাই।
; অলপমান বুজিবলৈ চা।
; ……………..
; হ’ব যাম মই । কিন্তু বিহুৰ পিছৰ দিনাই ফেৰিত থোৱাহি দায়িত্ব তোৰ।
; আহ্‌ আগতে তাৰ পিছত যি হয় হ’ব।মেট্ৰিকৰ পিছৰে পৰা আমি ছটা লগ নোহোৱাই হলো ।আৰু এইবাৰু বিহুতোত তহঁত কোনো নাহিলে বৰ বেয়া লাগিব ।
;হ’ব হ’ব গৈ আছো মই।তই মাত্ৰ বৰমাক মোৰ ভাগৰ খিনি থ’বলৈ কবি।হ’ব দে ফ’ন জমা দিবৰ সময় হৈছে আৰু মাৰো খবৰ লোৱা নাই হোৱা ।বাকীখিনি একেবাৰে লগ হৈ পাতিম দে । মায়ে চাগে বাট চায় আছে।

প্ৰত্যাশা মুক্তিয়াৰ