বিহালীৰ বটিয়ামাৰীত খহনীয়া পীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

pc Facebook

বিহালীৰ বটিয়ামাৰীত খহনীয়া পীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

 অনলাইন বাৰ্ত্তাসেৱা – বিহালীৰ বটিয়ামাৰীত ব্ৰহ্মপুত্ৰই সৃষ্টি কৰা খহনীয়া পীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। খহনীয়া আক্ৰান্ত পৰিয়ালসমূহৰ কথা বিবেচনা কৰি তেখেতে জলসম্পদ বিভাগৰ অতিৰিক্ত মুখ্য সচিবক বান আৰু খহনীয়াত আক্ৰান্ত লোকসকলৰ সহায়ক হোৱাকৈ জিঅ’-বেগ শ্লপিং ব্যৱহাৰ কৰি এক দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰিবলৈ নিৰ্দেশনা দিয়ে। তেওঁ লগতে বটিয়ামাৰীত এখন উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰাৰ লগতে মোনাবাৰী পথটো পুনৰ নিৰ্মাণ কৰি শ্বহীদ কনকলতা বৰুৱাৰ নামেৰে নামকৰণ কৰাৰ কথা ব্যক্ত কৰে। পৰিদৰ্শনকালত তেখেতক লগত আছিল মাননীয় সাংসদ শ্ৰীপল্লৱ লোচন দাস, মাননীয় বিধায়কত্ৰয় শ্ৰীৰঞ্জিত দত্ত, শ্ৰীপ্ৰমোদ বৰঠাকুৰ আৰু শ্ৰীউৎপল বৰাই।