বিষ -মনীষা প্ৰজ্ঞা বৰা, গোলাঘাট

pc-NDTV Food

বিষ

উজাগৰী নিশাৰ
মনৰ চৌপাশে
কোলাহল,
পোৱা নোপোৱাৰ হিচাপ-নিকাচত
মনটো ভাৰাক্ৰান্ত হৈ পৰে ।
বিষ এটি উজাই আহে,
এই বিষটো
প্ৰতিজন মানুহৰে আছে ।
বিষটো আছে বাবেই
জীৱনটো চলি আছে ।
কেতিয়াবা বিষটোৱে কোঙা কৰি পেলাই মনটোক
আকৌ কেতিয়াবা এই বিষটোৱেই জীৱন উদযাপনৰ সৰ্বস্ব হৈ পৰে ।
বিষটো সকলোৰে আছে ।
সকলোৱে নিজা ধৰণে ইয়াক সাজি লয় ।।।

মনীষা প্ৰজ্ঞা বৰা । গোলাঘাট