বিষ্ণু প্ৰসাদ ৰাভা আৰু অসমৰ নৱজাগৰণ- ফখৰুদ্দিন আহমেদ

pc- youtube

বিষ্ণু প্ৰসাদ ৰাভা আৰু অসমৰ নৱজাগৰণ

প্ৰাচিন গ্ৰীক পুথি-পাঁজি সমূহৰ উদ্ধাৰেই আছিল ইউৰোপীয় নৱজাগৰণৰ সফলতাৰ মূল বৈশিষ্ট্য। অসমত হোৱা নৱজাগৰণৰ ক্ষেএতো বিচাৰ বিশ্লেষণ কৰিলে এই একেই বৈশিষ্ট্যৰেই দৃষ্টিগোচৰ হয়। অসমৰ প্ৰাচীন সাহিত্য-সংস্কৃতিৰ অফুৰন্ত ভাণ্ডাৰো মানৰ আক্ৰমন, ইংৰাজৰ ৰাজত্ব, বিভিন্ন সময়ত হোৱা মহামাৰী তথা প্ৰীকৃতিক ভাৱে সংঘটিত বিধ্বংসী দুযোগত হেৰাই যোৱাৰ দৰে হৈছিল। এই প্ৰাচীন সাহিত্য-সংস্কৃতিৰ ভাণ্ডাৰ সমূহ উদ্ধাৰৰ প্ৰচেষ্টাৰ আৰম্ভণি খৰিছিল
ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ ককাদেউতাক হৰিবিলাস আগৰৱালাই আৰু পিছলৈ এই কামত হাত উজান দিছিল বিশেষকৈ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, প½নাথ গোহাঞী বৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীয়ে। এখেত সকলৰ অসমৰ পুৰণি সাহিত্য-সংস্কৃতি ৰক্ষাৰ কাৰ্যক্ৰমনিকাত অসমীয়া জাতিয়ে সচেতনতা লাভ কৰিছিল।
এই পৌৰাণিক অসমৰ সাহিত্য-সংস্কতিৰ জাতীয় ঐতিহ্য চেতনাৰ উদ্ধাৰৰ সু-উত্তৰাধিকাৰী আছিল কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা। এই মহান গুণৰাজি তেখেতে জণ্মসুেএ লাভ কৰিছিল। বিষ্ণু ৰাভাই ঠিক সময়তেই বুজি উঠিছিল যে ঐতিহ্যৰ ভেটিতহে প্ৰগতি অবশ্যাম্ভাবী। অসমীয়া জাতিৰ খনিকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱ আছিল ৰাভাৰ প্ৰগতিবাদী ভাবাধাৰাৰ আদৰ্শ পুৰুষ। সেয়ে তেখেতে মহাপুৰুষ জনাৰ আদৰ্শৰে প্ৰগতিৰ বাটত বাট বুলিবলৈ আহ্বান জনাইছিল এইদৰে-
অ’ অসমীয়া ডেকা দল
আজি তোৰ তেজাল বদন
মলিন কিয় হ’ল·
দুৰ্গম নদ পাহাৰ গিৰি
লংঘিছিল ডেকাগিৰী
সুন্দৰ শংকৰে লৰি কৰিছিলে তল,
দেখুৱাইছিল জগত জুৰি অসীম বাহুৰ বল
সিও যে তোৰ নাইকিয়া হ’ল।
প্ৰকৃত পক্ষে বিষ্ণু প্ৰসাদ ৰাভা শংকৰজেৱৰ

ধমীয় ভাবাদৰ্শৰ উপৰিও মহাপুৰুষ জনাৰ শৌৰ্য-বীৰ্য, সাস্কৃতিক প্ৰতিভা, অসমৰ সামাজিক সংহতি, বিশ্ব মানৱতা ইত্যাদি গুণাৱলীৰো বিমুগ্দ্ধ হ্যক্তি আছিল। সৰ্বগুণাকৰ শংকৰদেৱক ৰাভাই ভাৰতীয় সংস্কতিৰ পুৰোধা সত্বা আৰু ইউৰোপীয় নৱজাগৰণৰ মুখ্য সত্বা লিওনাডো ড্যা ভিন্সি্যৰ লগত তুলনা কৰি লিখিছিল- “এই পৃথিৱীৰ যিসকল মহাপুৰুষ আছিল সৃষ্টিৰ আকাৰ। এজন হৈছে স্বয়ং শ্ৰীকষ্ণ।…তেওঁ আছিল সৰ্ব গুণ নিধি। আৰু এজন আছিল ইটালিৰ লিওনাৰ্ডো ড্যা ভিন্সি্য- এওঁ একেলগে বৈজ্ঞানিক, চিএকৰ আৰু ৰাজনীতিজ্ঞ পুৰnষ আছিল; আৰু এজন আছিল আমাৰ অসমৰ মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱ।…সচাঁকৈয়ে আজি শ্ৰীশ্ৰী শংকৰদেনৰ যিকোনো কৃষ্টি বা সাহিত্য বাদ দিলে অসমীয়াৰ মৃত্যু হ’ব”।
শ্ৰীকৃষ্ণ, লিওনাৰ্ডো ড্যা ভিন্সি আৰু শংকৰদেৱৰ আদৰ্শৰে অনুপ্ৰানিত ৰাভাও আছিল বিচিও প্ৰতিভাৰে ভাস্কৰ অসমৰ সাহিত্য আৰু সংস্কৃতি জগতৰ এগৰাকী অক্লান্ত সৈনিক। পৰম্পৰাগত শৃংখল ডাল চিগি ভাগি মুক্তিৰ জৰিয়তে নতুনত্বৰ সোৱাদ ল’বলৈ সদা উন্মুখ ৰাভা এগৰাকী প্ৰকৃততেই নৱজাগ্ৰত পুৰুষ। সেয়ে তেখেতে নৱ প্ৰজন্মক আহ্বান জনাইছিল-
ভাং ভাং ভাং ভাং
লোহাৰ শিকলি ভাং।
ছিং ছিং ছিং ছিং
দাসৰ বান্ধোন ছিং।
খোল খোল খোল খোল
কাৰাৰ ফাটক খোল।
ভাং ভাং যা দুৱাৰ দাং।
তেখেতৰ কবিতাত প্ৰান পাই উঠিছিল সাম্ৰাজ্যবাদ আৰু পুঁজিবাদৰ বিৰুদ্ধে বিপ্লবী কণ্ঠস্বৰ। ৰাভাই সফলতা দেখিছিল কৃষক, বনুৱা, ৰনুৱা, মজদুৰ আৰু নিপীড়িত সকলৰ জীৱনৰ সংগ্ৰামৰ মাজত। সেয়ে তেওঁ গাইছিল-
ব’ল ব’ল ব’ল ব’ল
কৃষক শক্তি দল,
অ’ বনুৱা সমনীয়া
আগবাঢ়ি যাওঁ ব’ল।
জাগ জাগ জাগ জাগ
মজদুৰ ন-জোৱান,
নিযাতিত নিপীড়িত
কৃষক শক্তিমান।
তোৰ বাবেই আছে লুকাই
অসীম শক্তিবল;
ৰণৰ শিঙা বাজে শুন ঐ
আগবাঢ়ি যাওঁ ব’ল।
অসীম শক্তি আৰু প্ৰতিভাৰ অধিৰাৰী ৰাভাৰ সৃষ্টি বেছি ভাগেই অসমৰ ৰাইজৰ ঘৰে ঘৰে সিচৰতি হৈ আছে। তাৰ উপযুক্ত কাৰণো অবশ্যে আছে। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়তো বিষ্ণু প্ৰসাদ ৰাভা ইংৰাজৰ বাবে ‘ম’ষ্ট ৱাণ্টেড’ আছিল। স্বাধীনতাৰ পিছতো তেখেতৰ সংগ্ৰামৰ গতি পথ সলনি হোৱা নাছিল। তেখেতৰ দৃষ্টিত ধৰা পৰিছিল যে দেশৰ শাসন কৰ্তা হে সলনি হ’ল কিন্তু দেশৰ শাসনৰ ভাৰ পুনৰ পুঁজিপতি সাম্ৰাজ্যবাদী সকলৰ হাততে থাকি গ’ল। তেখেতে সেই সময়ত পৃথিৱীৰ বিভিন্ন দেশবোৰত চলি থকা কমিউনিষ্ট আন্দোলনৰ প্ৰতি আকৃষ্ট হৈ “কমৰেড ধৰো হাতিয়াৰ” শ্লোগান মৰ্মে কাৰ্যপন্থা হাতত লৈ ইং ১৯৪৮ চনত ভাৰত চৰকাৰে বে আইনি ঘোষণা কৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ এগৰাকী কৰ্মকৰ্তা হিচাপে জনতাৰ মাজত অজ্ঞাত বাসৰ জীৱন অতিবাহিত কৰিবলগা হৈছিল। তেতিয়া তেখেতে লিখিছিল-
“তেজৰ বোলেৰে লিখি যাম ইতিহাস
মচি যাম দীন সমাজৰ হীন পৰিহাস
কত শ্বহীদৰ জীৱনী লিখা
কত ব্যথিতৰ বেদনাৰ ছবি অঁকা”।
এইবোৰ হ’ল ৰাভাৰ জীৱনৰ জীয়া ইতিহাস। জনতাৰ প্ৰানৰো প্ৰানৰ এগৰাকী সংগ্ৰামী পুৰুষৰ জীৱনৰ জীৱন্ত দস্তাবেজ। কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱনৰ প্ৰতিটো ক্ষণ অসম তথা অসমীয়াত্বক চিৰদিন জায়াই ৰাখিবলৈ কৰা সংগ্ৰীমী মুহূৰ্তৰ ইতিহাসেৰে সমৃদ্ধ।
ৰাভাৰ জীৱনৰ মূল্যায়ণ কৰিবলৈ তেখেতৰ ৰচনাৱলীয়েই একমাএ সমল নহয়, তেখেতৰ জীৱনৰ ওপৰত সামগ্ৰিক ভাৱে নিমোহ বিশ্লেষণৰ একান্তই প্ৰয়োজন হৈ পৰিছে। এনে ধৰণৰ নিমোহ বিশ্লেষণ হ’লেহে অজিৰ যুৱ প্ৰজন্মই ৰাভাৰ অসমৰ সাহিত্য আৰু সংস্কৃতিৰ কজতকৰ্মৰাজিৰ ইতিবাচক আৰু নেতিবাচক দিশ সমূহ অধ্যয়ন কৰি অসমৰ সাহিত্য আৰু সংস্কৃতিৰ ক্ষেএখনিলৈ অবদান আগবঢ়াবলৈ নিজকে ব্ৰতী কৰিবলৈ অনুপ্ৰেৰণা লাভ কৰিব।।