বিষণ্ণতা – জয়শ্রী চৌধুৰী লহকৰ

Pc-health news

 বিষণ্ণতা “

এটা মাথো শব্দত
সমাধিত হয়
ভাল লগাবোৰ ,
মৌনতাৰ আৱষ্টনিত ।
হেপাহৰ জপনা খুলি
অপ্ৰাপ্তিৰ পৰা প্ৰাপ্তিলৈ
এখোজ দূৰত্বত
হেৰাই যায় জীৱনৰ ছন্দ ।
পোৱা – নোপোৱাৰ ভৰত
খহি পৰে বিৰামহীন আশা ।
বেদনাৰ সাগৰত চটফটাই _
নিৰ্জনতাই সিক্ত কৰা অস্থিৰ নিশা ।
শব্দৰ বৰষুণত তিতি
ক’লা পৰা কলিজাটো
দুচকুতে সামৰি
তৰা গণি শেষ নোহোৱা
আকাশৰ বুকুত
জোনাক ভালপোৱা সপোনে
জোনৰ দেশলৈ ডেউকা মেলিলে ।
: জয়শ্রী চৌধুৰী লহকৰ