বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বৰভাগৰ কর্মী সকলে বৃক্ষ ৰোপণ কাৰ্যসূচী হাতত লয়

আজি 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বৰভাগ আঞ্চলিক সমিতিয়ে বৰভাগৰ বিভিন্ন ঠাইত ক’ভিদ প্ৰটোকল মানি গছপুলি ৰোপণ আৰু সংৰক্ষনৰ ব্যবস্হা কৰে । বৰভাগৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু পথৰ দাঁতিত গছপুলি ৰোপণ কৰা কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি বিশ্বজিত বৰুৱা, জিলা সমিতিৰ সাংস্কৃতিক সম্পাদক ধীৰাজ কলিতা , আঞ্চলিক সমিতিৰ সভাপতি চিন্ময় পৰাশৰ সম্পাদক ময়ুৰ ৰহমান , উপ-সভাপতি ক্ৰমে ৰাতুল আহমেদ, ৰকীৰাজ আহমেদ, যুটীয়া সম্পাদক চাজিদ আহমেদ , সদস্য তন্ময় পৰাশৰ আৰু শাখা সমিতিৰ সদস্য অংশগ্ৰহণ কৰে ।