বিশ্বৰ দ্বিতীয় ধনী ব্যক্তিৰ তালিকাত গৌতম আদানি

Pc India ahead

বিশ্বৰ দ্বিতীয় ধনী ব্যক্তিৰ তালিকাত গৌতম আদানি

ৰঙিলী বাৰ্ত্তাসেৱা- ফৰ্বছৰ বিলিয়নাৰ তালিকা অনুসৰি আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানি বিশ্বৰ দ্বিতীয় ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে।আদানি গ্ৰুপৰ অধ্যক্ষৰ সম্পত্তি এতিয়া ১৫৫.৫ বিলিয়ন ডলাৰ ( ১২.৩৭ লাখ কোটি টকা)। ফৰ্বছৰ ৰিয়েল টাইম বিলিয়নাৰ্ছ তালিকা অনুসৰি আদানিৰ সম্পত্তি ৫.২ বিলিয়ন ডলাৰ বৃদ্ধি পাইছে। ফ্ৰান্সৰ বাৰ্নাৰ্ড আৰ্নল্ট আৰু আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ তুলনাত তেওঁ সংকীৰ্ণভাৱে আগবাঢ়ি আছে। টেছলাৰ প্ৰতিষ্ঠাপক ইলন মাস্কে ধনী বক্তিৰ তালিকাত শীৰ্ষস্থান দখল কৰি আছে। শীৰ্ষ দহৰ তালিকাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে ৯২.২ বিলিয়ন ডলাৰৰ সম্পত্তিৰে দ্বিতীয়জন ভাৰতীয়। শীৰ্ষ দহৰ তালিকাত থকা আন বিলিয়নাৰসকলৰ ভিতৰত আছে বিল গেটছ, লেৰী এলিছন, ৱাৰেন বাফেট, লেৰী পেজ আৰু চাৰ্গী ব্ৰিন। ৩০ আগষ্টত আদানিয়ে লুই ভিটনৰ বছ আৰ্নাল্টক অতিক্ৰম কৰি বিশ্বৰ তৃতীয় ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছিল।