বিশ্ববাসীৰ ওচৰত নাক কাটিলে অসমৰ যুৱকে

বিশ্ববাসীৰ ওচৰত নাক কাটিলে অসমৰ যুৱকে

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্ববাসীৰ ওচৰত নাক কাটিলে অসমৰ যুৱকে।ফুটবলৰ মহাতাৰকা মাৰাডোনাৰ হাবলট এডিশ্যনৰ মৃল্যৱান ঘড়ী চুৰ কৰি গ্ৰেপ্তাৰ শিৱসাগৰৰ এজন যুৱক।হাবলট এডিশ্যনৰ এই মৃল্যৱান ঘড়ীটোৰ ওপৰত আছিল মাৰাডোনাৰ স্বাক্ষৰ।কিছুদিনৰ পূৰ্বে মৃত্যু হোৱা মাৰাডোনাৰ এই ঘড়ীটো চোৰ কৰি আনিছিল ৱাজিদ হুচেইন নামৰ যুৱকে। অসম আৰক্ষীয়ে ডুবাই আৰক্ষীৰ তথ্যৰ ভিত্তিত অভিযান চলাই মাৰাডোনাৰ এই ঘড়ীটো আৰু চোৰটোক গ্ৰেপ্তাৰ কৰিলে। শিৱসাগৰৰ পৰা গ্ৰেপ্তাৰ কৰিলে ৱাজিদ হুচেইন নামৰ চোৰটোক।