বিশ্বখ্যাত শিক্ষাবিদ মৌলানা ইছলামুদ্দিনৰ সপোনৰ ৰঙীয়া আৰবী কলেজৰ ভবিষ্যত- ফখৰুদ্দিন আহমেদ

pc FlyClipart

বিশ্বখ্যাত শিক্ষাবিদ মৌলানা ইছলামুদ্দিনৰ সপোনৰ ৰঙীয়া আৰবী কলেজৰ ভবিষ্যত

ফখৰুদ্দিন আহমেদ

অসমৰ প্ৰথম আৰবী কলেজ খনি অবিভক্ত কামৰূপ জিলাৰ ৰঙিয়াত অবস্থিত। এই কলেজ খনি ইং ১৯৫৫ চনৰ পহিলা জানুৱাৰী তাৰিখে প্ৰতিষ্ঠা কৰা হৈছিল। অসমৰ এই প্ৰথম আৰবী কলেজ খনিৰ প্ৰতিষ্ঠাৰ সপোন দেখা ব্যক্তি গৰাকী আছিল দৰং জিলাৰ ছিপাঝাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত সানোৱা গাঁৱৰ সু-সন্তান , আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বৰেণ্য শিক্ষাবিদ মৌলানা ইছলামুদ্দিন চাহেব। এই সপোনৰ গজাঁলি মেলিছিল আফ্ৰিকা মহাদেশৰ অন্তৰ্গত ইজিপ্ত দেশৰ ৰাজধানী কাইৰো চহৰত অবস্থিত , আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় সমূহৰ অন্যতম ” আল্ আজহাৰ বিশ্ববিদ্যালয়” ত তেখেতে অধ্যয়ন কৰিবলৈ যাওঁতে বিশ্বখ্যাত নীল নদীৰ পাৰত ভ্ৰমন ৰত অবস্থাত।মৌলানা ইছলামুদ্দিন চাহেবে কলকাতাৰ আলিয়া বিশ্ববিদ্যালয়ৰ পৰা “মুমতাজুল মুহাদ্দিছিন” ( এম. এম) অৰ্হতা লাভ কৰাৰ পিছত ইং ১৯৫০ চনত ভাৰত চৰকাৰ আৰু ইজিপ্ত চৰকাৰৰ মাজত হোৱা শৈক্ষিক চুক্তি মৰ্মে চৰকাৰী বৃত্তি লাভ কৰি উক্ত বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ সুযোগ লাভ কৰিছিল। স্বাভাবিক ভাবেই অসামান্য মেধা শক্তিৰ অধিকাৰী মৌলানা ইছলামুদ্দিন চাহেবে ইং ১৯৫২ চনত উক্ত বিশ্ববিদ্যালয়ৰ পৰা ইছলাম ধৰ্ম তত্ব সম্পৰ্কত স্নাতকোত্তৰ (এম. টি.এইচ্) অৰ্হতা লাভ কৰি কাইৰো চহৰতেই অবস্থিত ” আমেৰিকা বিশ্ববিদ্যালয়” ত ইংৰাজী সাহিত্য বিভাগৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তি কৰে। ইং ১৯৫৪ চনত উক্ত পাঠ্যক্ৰমৰ অৰ্হতাও তেখেতে কৃতিত্ব সহকাৰে অৰ্জন কৰিবলৈ সক্ষম হয়।এই অৰ্হতাৰ লাভৰ ক্ষেত্ৰত মৌলানা ইছলামুদ্দিন চাহেবে বিশ্ববিদ্যালয় খনিত দাখিল কৰা গবেষণা গ্ৰন্থ খনিৰ বিষয় বস্তু আছিল ” ভাৰত উপমহাদেশত ইছলাম ধৰ্মৰ প্ৰবেশ আৰু বিস্তাৰ “। ইংৰাজী ভাষাত লিখা এই গবেষণা গ্ৰন্থখনিত অন্তৰ্ভুক্ত বিষয়বস্তু সাতটা খণ্ডত বিভক্ত কৰিছিল এনেদৰে-
১)আৰৱ বিজেতা সকলৰ জৰিয়তে ভাৰতত ইছলামৰ প্ৰতিষ্ঠা।
২)ইছলামী ৰাজ্য সমূহ প্ৰতিষ্ঠা আৰু মুছলিম শাসক সকলৰ উদ্যোগত ইয়াৰ প্ৰগতি।
৩)মুছলিম বণিক , ছুফী সাধক আৰু ধৰ্ম প্ৰচাৰক সকলৰ জৰিয়তে ইছলামৰ বিস্তৃতি আৰু প্ৰসাৰ।
৪)বিভিন্ন সংগঠন আৰু অনুষ্ঠান সমূহৰ মাধ্যমত ভাৰতত ইছলামৰ অগ্ৰগতি তথা বিকাশ।
৫)ঐতিহাসিক ৰূপৰেখা তথা চমু বিৱৰণ।
৬)প্ৰদেশ সমূহৰ ওপৰত এটি সাধাৰণ টোকা আৰু
৭) গ্ৰন্থপঞ্জী।
এই গৱেষণা গ্ৰন্থখনি তেখেতৰ জীৱন কীৰ্তি স্তম্ভ স্বৰূপ।
বিশ্বখ্যাত আল্ আজহাৰ বিশ্ববিদ্যালয়ৰ ধৰ্ম তাত্বিক জ্ঞান আৰু আমেৰিকা বিশ্ববিদ্যালয়ৰ আধুনিক শিক্ষাগত জ্ঞানৰ সমন্বয়ত মোলানা ইছলামু্দ্দিন চাহেবৰ অন্তৰাত্মাত গঢ়ি উঠা জ্ঞান সাগৰৰ অমৃত সমান আছিল “ৰঙিয়া আৰবী কলেজ”। এই শিক্ষানুষ্ঠান খনিলৈ অবদান আগবঢ়োৱা অসমৰ বৰেণ্য ৰাজনীতিক সকল আছিল অসমৰ ভূতপূৰ্ব বিত্ত মন্ত্ৰী তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদ আৰু অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী , দোমোজাৰ কবি ৰূপে খ্যাত দেবকান্ত বৰুৱাৰ দৰে ব্যক্তিত্ব। পুৰণি কালৰ পৰা কলকাতাৰ আলিয়া বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ আৰ্হিত অসমৰ চিনিয়ৰ মাদ্ৰাছা আৰু হাই মাদ্ৰাছাবোৰত প্ৰচলিত ধৰ্মীয় শিক্ষাৰ সৈতে অাধুনিক শিক্ষাৰ অন্তৰ্গত মাতৃভাষা , অংক শাস্ত্ৰ , ইংৰাজী , বিজ্ঞান , সমাজ বিজ্ঞান , অৰ্থনীতি আদি সকলো বিষয় সন্নিবিষ্ট কৰি মৌলানা ইছলামুদ্দিন চাহেবৰ নেতৃত্বত ৰঙিয়া আৰবী কলেজৰ লগতে সমূহ চিনিয়ৰ মাদ্ৰাছা আৰু হাই মাদ্ৰাছাৰ পুৰণি পাঠ্যক্ৰম সলনি কৰি নতুন পাঠ্যক্ৰমৰ অন্তৰ্ভূক্তিৰে এটি নতুন যুগৰ সূচনা কৰিছিল। ইং ১৯৫৫ চনৰ পৰা সাম্প্ৰতিক সময়লৈ হীৰক জয়ন্তীৰ পৰিক্ৰমা অতীত কৰা এই ৰঙিয়া আৰবী কলেজৰ সফলতাৰ খতিয়ানত অসমত বহুতো শিক্ষাবিদ , বু্দ্ধজীৱি , শিক্ষক আদিৰ নাম অন্তৰ্ভূক্ত হৈ আছে। এই শিক্ষানুষ্ঠান খনিৰ প্ৰতিষ্ঠা আৰু সফলতাৰ সংগ্ৰাম খনিত সন্মানীয় ৰঙিয়াবসীৰ সৈতে প্ৰধানকৈ মৌলানা ইছলামুদ্দিন চাহেবৰ ত্যাগ আৰু অক্লান্ত পৰিশ্ৰম বিজৰিত হৈ আছে।এই শিক্ষানুষ্ঠান খনিত ভাৰতৰ বিভিন্ন ৰাজ্যৰ স্বনামধন্য শিক্ষাবিদ সকলে অধ্যাপনা কৰি অসমত ইছলাম ধৰ্মীয় শিক্ষাৰ লগত আধুনিক শিক্ষাৰ এটি সোনালী যুগৰ সূচনা কৰি থৈ গৈছে। সাম্প্ৰতিক সময়ত ৰঙিয়া আৰবী কলেজ খনি কেৱল এখনি অনন্য শিক্ষানুষ্ঠানেই নহয় , এয়া এক সমন্বয় আৰু সম্প্ৰীতিৰ অন্যতম উৎসলৈয়ো পৰিৱৰ্তিত হৈছে।
সাম্প্ৰতিক সময়ত অসমত শাসনত থকা ভৰতীয় জনতা পাৰ্টীৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে চৰকাৰী খণ্ডত ” মাদ্ৰাছা” শিক্ষা বন্ধ কৰিবলৈ লোৱা আৰু ইতিমধ্যে কাৰ্যকৰী কৰা সিদ্ধান্তৰ ফলত উক্ত ঐতিহ্যমণ্ডিত ৰঙিয়া আৰবী কলেজখনৰ বিপদ ঘন্টা বাজিছে। ইতিমধ্যে চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশ মৰ্মে ৰঙিয়া আৰবী কলেজৰ নাম ” ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়-১ ” হিচাপে নতুনকৈ নামাকৰণ কৰা হৈছে। কিন্তু শিক্ষানুষ্ঠানখনিক উচ্চতৰ মাধ্যমিক হিচাপে মূল্যায়ণ কৰা হ’ল যদিও পৰ্যাপ্ত স্নাতকোত্তৰ শিক্ষক সাম্প্ৰতিক সময়লৈ চৰকাৰে নিয়োগ নকৰাৰ ফলস্বৰূপে এই ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান খনি বিভাগীয় নীতি নিয়ম মতে ওচৰৰ আন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৈতে চামিল কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।
সাংবিধানিক ভাবে ধৰ্ম নিৰপেক্ষ দেশ ভাৰতত আধুনিক শিক্ষাৰ লগতে সকলো ধৰ্মৰে চৰকাৰী ভাবে শিক্ষা প্ৰদান কৰা কাৰ্য বৈধ যদিও এই ক্ষেত্ৰত অসম চৰকাৰে লোৱা নেতিবাচক পদক্ষেপে অসমৰ শিক্ষা জগতত কি দৰে প্ৰভাব পেলাব সেয়া যথা সময়ত নিশ্চয়কৈ উন্মোচিত হ’ব।
স্মৰণযোগ্য যে মৌলানা ইছলামুদ্দিন চাহেবে ইজিপ্তৰ কাইৰো চহৰৰ পৰা নিজৰ মাতৃভুমি অসমলৈ প্ৰত্যাবৰ্তন কৰাৰ পিছতো আৰৱ মহাদেশ তথা ভাৰত চৰকাৰৰ পৰা চৰকাৰী আড়ম্বৰপূৰ্ণ আৰু উচ্চ হাৰত দৰমহা পোৱা চাকৰি কৰিব পাৰিলেহেতেন। তেনে সুবিধাক তেখেতে পৰিত্যাগ কৰি ৰঙিয়া আৰবী কলেজক পুৰ্ণতা প্ৰদান কৰা কাৰ্যক জীৱনৰ ব্ৰত হিচাপে হিচাপে গ্ৰহণ কৰিছিল।এই মহান মৌলানা ইছলামুদ্দিন চাহেবে ইং ১৯৮৮ চনৰ ২৭ জানুৱাৰী তাৰিখে ৫৮ বছৰ বয়সত মৃত্যু বৰণ কৰিছিল।
মৌলানা ইছলামুদ্দিন চাহেবৰ দৰে এগৰাকী বিশ্বখ্যাত আৰু বৰেণ্য শিক্ষাবিদৰ ত্যাগ আৰু কঠোৰ পৰিশ্ৰমে পুৰ্ণ ভাবে সাকাৰ ৰূপ দিয়া এটি সপোন সদৃশ ৰঙিয়া আৰবী কলেজ খনি কেৱল এটি চৰকাৰী সিদ্ধান্তত বুমেৰাং দিশত গতি কৰিব সেয়া অসমৰ শিক্ষা জগতৰ বাবে লগতে সমগ্ৰ ৰঙিয়াবাসীৰ বাবে দুখৰ বতৰা হিচাপে চিহ্নিত হৈ থাকিব।
সাম্প্ৰতিক সময়ৰ একান্ত আহ্বান হ’ল অসমবাসীয়ে মৌলানা ইছলামুদ্দিন চাহেবক অমৰ কৰি ৰাখিব লাগিব।অসম চৰকাৰেও এই ক্ষেত্ৰত দৃঢ় পদক্ষেপ গ্ৰহণ কৰি উক্ত বৰেণ্য শিক্ষাবিদ গৰাকীক অসমৰ শৈক্ষিক জগতত চিৰদিন জীয়াই ৰখাৰ ব্যবস্থা ল’ব পাৰে।বিশেষকৈ ৰঙিয়া আৰবী কলেজ খনিক পৰিৱৰ্তণ কৰি ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়-১ হিচাপে কৰা নামাকৰণটি ” মৌলানা ইছলামুদ্দিন উচ্চতৰ মাধ্যমিক বিদ্যালয় ” হিচাপে পুনৰ নামকৰণৰ ব্যবস্থা কৰিলে এই মহৎ কাৰ্যটি সমাধান হ’ব।এই ক্ষেত্ৰত সমূহ অসমবাসীৰ দয়িত্ব আৰু কৰ্তব্য নিশ্চয়কৈ অপৰিসীম হৈ থাকিব।