বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঁই আৰু নাই

 

বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঁই আৰু নাই
বাৰ্তাসেৱা-অসমৰ বিশিষ্ট সাহিত্যিক,সাংবাদিক হোমেন বৰগোহাঁইৰ আৰু নাই। ৰাজ্যখনৰ শীৰ্ষ সাহিত্য সংস্থা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি থকা বৰগোহাঁইৰ আজি পুৱা ৬.৫৮ বজাত গুৱাহাটীৰ জিএনআৰচি চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

কোভিডৰ পিছত হোৱা জটিলতাৰ ফলত বিশিষ্ট সাহিত্যিকজনৰ মৃত্যু হয়। তেওঁ অলপতে কোভিড-19ৰ পৰা আৰোগ্য হোৱাৰ পিছত ঘৰলৈ উভতি আহিছিল।

অসমৰ সাহিত্য আৰু বৌদ্ধিক ক্ষেত্ৰত বিশিষ্ট স্থান দখল কৰা বৰগোহাঁইয়ে মৃত্যুলৈকে জনপ্ৰিয় দৈনিক ‘নিয়মীয়া বাৰ্তা’ৰ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।