বিবেক ৰঞ্জন অগ্নিহোত্ৰীৰ ‘দ্য কাশ্মীৰ ফাইলছ’ ১১ মাৰ্চত মুক্তি পাব

PcPinkvilla

বিবেক ৰঞ্জন অগ্নিহোত্ৰীৰ ‘দ্য কাশ্মীৰ ফাইলছ’ ১১ মাৰ্চত মুক্তি পাব

ৰঙিলী বাৰ্ত্তাসেৱা-  চলচ্চিত্ৰ নিৰ্মাতা বিবেক ৰঞ্জন অগ্নিহোত্ৰীয়ে তেওঁৰ পৰৱৰ্তী ছবি ‘দ্য কাশ্মীৰ ফাইলছ’ৰ নতুন মুক্তিৰ তাৰিখ ঘোষণা কৰিছে। ছবিখন ১১ মাৰ্চত মুকলি কৰা হ’ব। কাশ্মীৰী পণ্ডিত সম্প্ৰদায়ৰ প্ৰস্থানৰ ওপৰত আধাৰিত ছবিখনত অনুপম খেৰ আৰু মিথুন চক্ৰৱৰ্তীৰ সৈতে অভিনয় কৰিছে। ‘দ্য কাশ্মীৰ ফাইলছ’ প্ৰথমতে ২৬ জানুৱাৰীত মুক্তি পোৱাৰ কথা আছিল কিন্তু কোভিড-১৯ৰ বাবে পিছুৱাই দিয়া হৈছিল।