বিন্দু ৰাজবংশীৰ গ্ৰন্থ ‘সময়ৰ দোলা’ উন্মোচন

বিন্দু ৰাজবংশীৰ গ্ৰন্থ ‘সময়ৰ দোলা’ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  ‘আগৰ দিনত বিয়া-সভাই গ্ৰন্থ উপহাৰ দিয়াটো অসমীয়া সমাজ জীৱনৰ এক পৰম্পৰা আছিল। আমাৰ মা-দেউতাহঁতে গীতাকে ধৰি ধৰ্মীয় গ্রন্থও উপহাৰ দিছিল। এতিয়া কিন্তু অসমীয়া সমাজ জীৱনত এক অশুভ পৰম্পৰা সৃষ্টি হৈছে। সেয়া হৈছে বিয়া-সবাহত কেতবোৰ অলাগতিয়াল সামগ্রী উপহাৰ দিয়া হয়। এতিয়া আইনা, প্লাষ্টিকৰ সামগ্ৰী উপহাৰ দিয়া হয়। এই পৰম্পৰা পৰিহাৰ কৰি পুনৰ বিয়াত গ্রন্থ উপহাৰ দিয়াৰ সংস্কৃতি গঢ়ি তুলিব লাগে।— এই মন্তব্য বিশিষ্ট গল্পকাৰ, সু সাহিত্যিক অতনু ভট্টাচাৰ্যৰ।মঙলদৈ প্ৰেছ ক্লাবত উদীয়মান কবি, লেখিকা বিন্দু ৰাজবংশী কলিতাৰ তৃতীয়খন গ্রন্থ ‘সময়ৰ দোলা’ উন্মোচন কৰি ভট্টাচাৰ্যই কয় যে গ্রন্থ প্রকাশ বা সাহিত্য সৃষ্টিত আগ্রহ থাকিলে কোনেও বাধা দি ৰাখিব নোৱাৰে আন এগৰাকী উন্মোচক বিশিষ্ট চিকিৎসক তথা দৰং জিলা সাহিত্য সভাব প্রাক্তন সভাপতি ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱে সময়ৰ দোলা’ নামৰ গ্ৰন্থখনৰ সন্দৰ্ভত আলোকপাত কৰে। বিশেষকৈ গ্ৰন্থখনৰ | স্বগতোক্তি, অপেক্ষাই জীৱনক ভাল পাবলৈ শিকায়, শৈশৱৰ নীতি শিক্ষা, তেতিয়া আৰু এতিয়া আদি প্ৰবন্ধৰ ওপৰত বিশ্লেষণ দাড়ি ধৰে। মুকুটৰাজ শৰ্মাই আঁত ধৰা সভাখনত বিশিষ্ট লেখিকা তথা দৰং জিলা সাহিত্য সভাৰ উপ-সভানেত্ৰী বৰদা শ‍ইকীয়া, বিদ্যা ভাৰতী মহাবিদ্যালয়ৰ অধ্যাপক ড দুলাল হাজৰিকা, মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি মদন বৰুৱা, লেখিকা বিন্দু ৰাজবংশীৰ পিতৃ তথা সৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ধৰণীধৰ ৰাজবংশী, নিবন্ধকাৰ মুনিদ্ৰ বৈশ্য, প্রকাশক ফারহান জাবেদ আদিয়ে বক্তব্য আগবঢ়ায়। অনুষ্ঠানত সাহিত্য সভা, আছকে ধৰি মঙলদৈৰ সমাজ জীৱনৰ সৈতে জড়িত ভালেসংখ্যক বিশিষ্ট ব্যক্তি, কবি, সাহিত্যিক উপস্থিত থাকে।