বিন্দাছ জীৱন –   -শতাব্দী শৰ্মা 

বিন্দাছ জীৱন

বিন্দাছ জীৱন কটোৱাচোন বন্ধু !
কিমান ভাবিবা ?
কিমান বুজিবা ?
এই যে চিন্তা -চিন্তাকৈ
কৰণীয় কামবোৰ পাহৰি যোৱা !
কিয় এনে হয় ?
কেতিয়াবা হাঁহিটোৰ সলনি
যেন সকলো খিঙখিঙীয়া প্ৰতিমূর্তি !
জাকজমকীয়া পার্টীবোৰতো
মনৰ ক্ষন্তেকীয়া সন্তুষ্টিহে !
হাঁহিবোৰ সতেজ কৰা
আঁৰত এচমকা কলীয়া ডাৱৰ থাকিলে নহ’ব !
খুলি দিয়া মনৰ দুৱাৰ ,
মহানায়ক এই সংগ্ৰামী জীৱনৰ ..
সুখ-শান্তিৰ ভৰাঁল হোৱা ৷
বিন্দাছ জীৱন কটোৱা বন্ধু ৷
   -শতাব্দী শৰ্মা