বিধায়কসকলে নিজৰ ডিজিটেল পৰিচয় পত্ৰ শ্বৱাইপ কৰি বিধানসভাত প্ৰৱেশ কৰিব লাগিব- বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী

PC-the economicstimes

অনলাইন বাৰ্ত্তাসেৱা-  বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিধায়কসকলৰ বাবে ডিজিটেল পৰিচয় পত্ৰৰ ব্যৱস্থা কৰাৰ লগতে প্ৰৱেশ দ্বাৰত শ্বৱাইপ মেচিনৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে। বিধায়কসকলে নিজৰ ডিজিটেল পৰিচয় পত্ৰ শ্বৱাইপ কৰি বিধানসভাত প্ৰৱেশ কৰিব লাগিব।১২ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া অসম বিধানসবাৰ বাজেট অধিবেশনৰ পৰাই সভাৰ কাম কাজৰ লগতে সামগ্ৰিকভাৱে বিধানসভাক আধুনিক তথ্য প্ৰযুক্তিৰে আগুৱাইনিবলৈ প্ৰচেষ্টা চলাইছে। সেই অনুসৰিয়েই বিধায়কৰ বাবে ব্যৱস্থা কৰিছে ডিজিটেল পৰিচয় পত্ৰ। ইয়াৰ উপৰিও বিধানসভাৰ লগত জড়িত বিষয়া, কৰ্মচাৰী, সাংবাদিক আদিৰ বাবেও ডিজিটেল পৰিচয় পত্ৰৰ ব্যৱস্থা কৰিব।ইতিমধ্যে এই ব্যৱস্থা কৰিবলৈ বিধায়কসকলৰ পৰা তেওঁলোকৰ সবিশেষ তথ্য বিচাৰি সচিবালয়ৰ ফালৰ পৰা পত্ৰ প্ৰেৰণ কৰিছে। আনহাতে আগন্তুক বিধানসভাৰ পৰাই বিধায়কসকলে বিধানসভাত ব্যৱহাৰ কৰিব পাৰিব লেপটপ। অৱশ্যে মোবাইল ব্যৱহাৰৰ ক্ষেত্ৰত পূৰ্বৰ নিষেধাজ্ঞা বাহাল থাকিব। লেপটপৰ বাবে প্ৰয়োজনীয় নেটৱৰ্কৰ ব্যৱস্থা কৰা হ’ব। by utpal kalita