বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উদ্যোগত কৃষি বিভাগে আৰম্ভ কৰে বিনামূলীয়া কঠীয়া ৰোপণৰ ব্যৱস্থা

pc Our Neta

বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উদ্যোগত কৃষি বিভাগে আৰম্ভ কৰে বিনামূলীয়া কঠীয়া ৰোপণৰ ব্যৱস্থা

অনলাইন বাৰ্ত্তাসেৱা – কৃষি বিভাগে আৰম্ভ কৰিছে বিনামূলীয়াকৈ কঠীয়া ৰোপণৰ ব্যৱস্থা। পশ্চিম গুৱাহাটী সমষ্টিৰ গ্রামাঞ্চলৰ ৰাণী আৰু ধাৰাপুৰ কৃষি চক্ৰৰ অধীনৰ বিভিন্ন প্রাকৃতিক দুৰ্যোগৰ ফলত নষ্ট হোৱা শালিধানৰ কঠীয়াৰ বাবে কৃষকসকলক স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উদ্যোগত কৃষি বিভাগে বিনামূলীয়াকৈ কঠীয়া ৰোপণৰ ব্যৱস্থা কৰি দিছে। এই সন্দৰ্ভত কঠীয়া যোগানৰ বাবে গঠন কৰা সমষ্টি ভিত্তিক হিতাধিকাৰী কমিটীৰ বিধায়কৰ মনোনীত সদস্য ৰবীন দৈমাৰীয়ে জানিবলৈ দিয়া মতে ইতিমধ্যে কৃষকক কঠীয়া যোগানৰ বাবে অসম-মেঘালয় সীমান্তৰ ৰাণীৰ গণপতিত এমাহ পূর্বে এক হেক্টৰ মাটিত নাৰ্ছাৰী স্থাপন কৰি কঠীয়া উৎপাদন কৰা হৈছে। বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই নিজে বোকা মাটিত নামি কঠীয়া উৎপাদন কাৰ্যৰ শুভাৰম্ভ কৰিছিল৷ বৰ্তমান যিসকল কৃষকক তেওঁলোকৰ নষ্ট হোৱা কঠীয়া ৰোপণৰ বাবে কঠীয়াৰ প্ৰয়োজন হৈছে তেওঁলোকক ৰাণী কৃষি উন্নয়ন বিষয়া কাৰ্যালয়ত নাম পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনোৱা হৈছে। উল্লেখযোগ্য যে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এনে প্ৰয়াসক সকলোৱে একমুখে প্রশংসা কৰিছে আৰু সাৰ যোগানকে ধৰি যাৱতীয় কৃষিকৰ্মত সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে।

(UD.)