বিতৰ্কত সাঙুৰ খাই পৰিছে আইমী বৰুৱাৰ দ্বাৰা পৰিচালিত ‘চেমখৰ’

Pc assam.news18.com

বিতৰ্কত সাঙুৰ খাই পৰিছে আইমী বৰুৱাৰ দ্বাৰা পৰিচালিত ‘চেমখৰ’

ৰঙিলী বাৰ্ত্তাসেৱা-  অভিনেত্ৰী আইমী বৰুৱাৰ পৰিচালনাত যোৱা ২০২০ চনতেই ” চেমখৰ ” নামৰ এখন বোলছবি নিৰ্মাণ কৰা হয়।আইমী বৰুৱাৰ এইখন প্ৰথম পৰিচালিত ছবি। ছবিখনে মুক্তিৰ পূৰ্বে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতে কেইবাটাও বঁটা লাভ কৰিছে।ইয়াৰ পাছতে অসমত ছবিখনৰ মুক্তিৰ দিন ঘোষণা কৰি প্ৰিমিয়াৰ শ্ব’ও প্ৰদৰ্শন কৰা হয়।শেহতীয়াকৈ কিছুদিন ধৰি সামাজিক মাধ্যমত বিতৰ্কত সাঙুৰ খাই পৰিছে আইমী বৰুৱাৰ দ্বাৰা পৰিচালিত ‘চেমখৰ’ নামৰ ছবিখন।ইতিমধ্যে ডিমা হাছাও জিলাৰ বিভিন্ন দল-সংগঠনে চলচ্চিত্ৰখনক লৈ তেওঁলোকৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।আইমী বৰুৱাৰ ‘চেমখৰ’ ছবিত দেখুওৱা হৈছে চেমখৰ জনগোষ্ঠীৰ এখন আদিম গাঁও।য’ত কন্যা সন্তান জন্ম দি মাকৰ মৃত্যু হ’লে সন্তানটিক জীৱন্তে মাটিত পুতি পেলোৱা হয়।ডিমাছা লোকৰ দাবী যে চেমখৰ নামৰ নিৰ্মিত ছবিখনে কেৱল গাঁওখনকে নহয়, সমগ্ৰ খিলঞ্জীয়া ডিমাছা জনজাতিক বিশ্বৰ আগত ভুলকৈ প্ৰতিষ্ঠা কৰা হৈছে।তেওঁলোকৰ অভিযোগ যে ছবিখনে ডিমাছা জনগোষ্ঠীক বৰ্বৰ জাতি হিচাপে বিশ্ববাসীৰ আগত তুলি ধৰা হৈছে।ছবিখনৰ বিৰুদ্ধে ডিমাছা জনগোষ্ঠীৰ এজন নেতাই অলপতে পৰিচালক আইমী বৰুৱাৰ বিৰুদ্ধে হাফলং আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।আনহাতে শেহতীয়াকৈ সামাজিক মাধ্যমত চেমখৰ ছবিত অভিনয় কৰোৱা তিনিমহীয়া কেচুৱা ক্লেৰিনৰ দৃশ্য গ্ৰহণৰ দ্বিতীয় দিনাই মৃত্যুৰ বাতৰিয়ে সমগ্ৰ অসমবাসীক চিন্তিত কৰি তুলিছে।এই ক্ষেত্ৰত বহু ব্যক্তিয়ে চেমখৰ ছবিৰ পৰিচালক আইমী বৰুৱাক দায়ী কৰিব বিচাৰে।ইফালে, চেমখৰ ছবিখনক লৈ বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছতে সামাজিক মাধ্যমত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আইমী বৰুৱাই।ছবিখনৰ কাহিনীভাগ ঠাইখনক আধাৰ হিচাপে লৈ আগবঢ়াই নিয়া হৈছে যদিও ইয়াৰ কাহিনী সকলো ফালৰ পৰাই কাল্পনিক বুলি উল্লেখ কৰিছে আইমীয়ে।ছচিয়েল মিডিয়াত আইমী বৰুৱাই লিখিছে–‘‘চেমখৰ ছবিখন কিছু কাকত-গ্ৰন্থ-আলোচনী আৰু কিছু ব্যক্তিৰ পৰা লাভ কৰা তথ্যৰে ঠাইখনক জানিবলৈ আমি আধাৰ হিচাবে লৈ কাহিনীভাগ আগবঢ়াই নিছো যদিও, ইয়াৰ কাহিনী সকলো ফালৰ পৰাই সম্পূৰ্ণ কাল্পনিক।ছবিখনৰ জৰিয়তে আমি কেতিয়াও কাৰো আৱেগ-স্বাভিমানক আঘাত কৰিব বিচৰা নাই।কেৱল মাত্ৰ ঠাইখিনিৰ সৌন্দৰ্য, স্থানীয় ভাষা, সাজ-পাৰ আদিক সমাজৰ দৃষ্টি আৰ্কষণ কৰা প্ৰয়াস কৰিছিলোঁ।তথাপিও যদি কাৰোবাক কোনো ক্ষেত্ৰত আঘাত দিছোঁ তাৰ বাবে আমি ক্ষমা প্ৰাৰ্থী।’’