বিটিআৰ(Accord)ৰ ৬.৩ দফা কাৰ্যকৰী নহোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ অপ্ৰাদেশীকৰণ শিক্ষক সন্থাৰ

pc- amarjit rabha

বিটিআৰ(Accord)ৰ ৬.৩ দফা কাৰ্যকৰী নহোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ অপ্ৰাদেশীকৰণ শিক্ষক সন্থাৰ।
“”””””””””””””””””””””””””
১১ঃ আগষ্ট, অমৰজিৎ ৰাভা,ওদালগুৰি।

বাৰ্ত্তাসেৱা-  আজি বিটিআৰ পৰষদীয় চৰকাৰ গঠন হোৱা প্ৰায় ৬ মাহত কৈ অধিক দিন পাৰ হ’ল।কিন্তু!! “২০২০ চনৰ ২৭ জানুৱাৰীত সাক্ষৰিত হোৱা ঐতিহাসিক বড়ো শান্তি চুক্তি (BTR Accord) ৰ ৬.৩ দফাত উল্লেখিত বিটিআৰত থকা সকলোবোৰ অপ্ৰাদেশীকৰণ স্কুল,কলেজ, প্ৰাদেশীকৰণ বা চৰকাৰীকৰণ কৰা হ’ব। যাৰ বাবে অপ্ৰাদেশীকৰণ শিক্ষক সকলে বিটিআৰ চুক্তিক পূৰ্ণ সমৰ্থনৰে আদৰী লৈছিল।কিন্তু আজি চৰকাৰ গঠন হোৱা ৬ মাহতকৈ অধিক দিন অপেক্ষা কৰাৰ পিছতো ৬.৩ দফা কাৰ্যকৰী হোৱা নাই।বৰঞ্চ অসম বিধান সভাৰ বাজেদ ঘোষনাত বিটিআৰত থকা চৈধ্য শ(১৪০০) স্কুলসহ সাত হাজাৰ(৭০০০) শিক্ষক প্ৰাদেশীকৰণ কৰাৰ কথা উত্থাপন ন’হল।যাৰ বাবে অপ্ৰাদেশীকৰণ শিক্ষক সন্থাই ক্ষোভীত ৰূপত
প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। “”তেওঁলোকে কয় যে চুক্তিৰ আধাৰত চৰকাৰ গঠন হোৱাৰ ৬ মাহৰ ভিতৰত বিটিআৰত থকা চৈধ্য”শ(১৪০০) স্কুল আৰু সাত হাজাৰ(৭০০০)শিক্ষক প্ৰাদেশীকৰন কৰাৰ কথা আছিল যদিও আজি চৰকাৰ গঠন হোৱা ৬মাহতকৈ অধিক দিন পাৰ হোৱাৰ পিছতো কাৰ্য্যকৰীকৰণ নহোৱাক বিটিআৰ চিফ প্ৰমোদ বড়োক নিৰ্ধাৰিত সময়ত বিটিআৰ চুক্তিৰ ৬.৩ দফাক দৃষ্টিগোচৰ কৰিবলৈ আহ্বান জনাই অন্যথা অপ্ৰাদেশীকৰণ শিক্ষক সন্থা শান্ত হৈ বহি নাথাকিব বুলিও সংবাদ মাধ্যমৰ যোগে প্ৰকাশ কৰে। “ইয়াৰ লগতে শিক্ষা বিভাগ তথা অসম চৰকাৰলৈ আহ্বান জনায় যে অনলাইন ক্লাছৰ বাবে চৰকাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীক দিব লগিয়া স্মাৰ্ট ফোন বা মোবাইল, অপ্ৰাদেশীকৰণ স্কুলৰ সকলো ছাত্ৰ-ছাত্ৰী সকলেও যাতে একেদৰে চৰকাৰৰ এই সুবিধা লাভ কৰে আৰু অনলাইন ক্লাছৰ পৰা যাতে বঞ্চিত হ’ব লগিয়া নহয় তাৰ বাবেও কাতৰ আহ্বান জনাই মুখ্যমন্ত্ৰীলৈ।

ওদালগুৰিৰ পৰা অমৰজিৎ ৰাভাৰ প্ৰতিবেদন