বিজয় হাজাৰে ট্ৰফীত উজলিল অসমৰ ৰিয়ান পৰাগ

Pc Facebook

বিজয় হাজাৰে ট্ৰফীত উজলিল অসমৰ ৰিয়ান পৰাগ

ৰঙিলী বাৰ্ত্তাসেৱা-  বিজয় হাজাৰে ট্ৰফী ২০২২  ৰ কোৱাৰ্টাৰ ফাইনেলত ৰিয়ান পৰাগে দেখুৱালে চমক। ৰিয়ানে  বিজয় হাজাৰে ট্ৰফী ২০২২  ৰ কোৱাৰ্টাৰ ফাইনেলত জম্মু-কাশ্মীৰৰ বিৰুদ্ধে ৩৫১ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ৰিয়ানে ১১৬টা বলত ১৭৪ ৰাণ সংগ্ৰহ কৰে। অসমৰ সোঁহাতৰ খেলুৱৈজনে মাত্ৰ ৭৭ টা বলত শতক অৰ্জন কৰে। ঋষভ দাসে ১১৮টা বলত ১১৪ ৰান কৰি অপৰাজিত হৈ থাকে। অসমে ৩৫১ ৰানৰ লক্ষ্য ৪৬.১ অভাৰতে অতিক্ৰম কৰে। প্ৰথমে বেট ধৰি জম্মু কাশ্মীৰে নাজিৰ আৰু খাজুৰিয়াৰ শতকৰ সহায়ত ৫০ অভাৰত ৭টা উইকেট হেৰুৱাই ৩৫০ ৰান সংগ্ৰহ কৰিছিল। অসমৰ হৈ অভিনৱ চৌধুৰী আৰু ৰাজাকুদ্দিন আহমেদে দুটাকৈ উইকেট দখল কৰে।