বিজেপি চৰকাৰৰ কাৰ্যভাৰৰ ১০০ দিনত ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপহাৰ

pc-Twitter

বিজেপি চৰকাৰৰ কাৰ্যভাৰৰ ১০০ দিনত ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপহাৰ

অনলাইন বাৰ্ত্তাসেৱা-  ■ প্রতি মাহত এখনকৈ কেবিনেট বৈঠক অনুষ্ঠিত হʼব একোখনকৈ জিলা সদৰত।

■ ছেপ্টেম্বৰত ধেমাজিত অনুষ্ঠিত হʼব প্ৰথমখন কেবিনেট।

■ গুৱাহাটীৰ পুৰণি কাৰাগাৰৰ লগতে তিনিটা স্থানত তিনিখন নতুন উদ্যান স্থাপনৰ কাম আৰম্ভ ।

■ ৰাজ্যত দৈনিক ১০ লাখ লিটাৰ গাখীৰ উৎপাদনৰ ব্যৱস্থা।

■ সকলো বাছচালক- হেণ্ডিমেনক ১০ হেজাৰ টকাৰ আৰ্থিক সাহায্য ঘোষণা।

■ মন্দিৰৰ পূজাৰী, নামঘৰীয়াক দিয়া হʼব ১৫ হেজাৰকৈ টকা।

■ চৰকাৰী আর্থিক সাহায্য লাভ কৰিব কলা-কুশলী, ষ্ট্রীট ভেণ্ডৰ, মাই কমেন, টেণ্ট হাউছৰ কৰ্মচাৰীয়েও।

■  চন্দ্ৰপুৰত নতুন ষ্টেডিয়াম, ৫০টা সমষ্টি-১০খন জিলাত স্প’ৰ্টছ কমপ্লেক্স।

■ ৯০ দিনত ৰাজ্যত ১.২১ কোটি লোকক কোভিড ভেকচিন প্রদান।

■ আনুষ্ঠানিকভাৱে এক লাখ নিবনুৱাৰ নিযুক্তিৰ শুভাৰম্ভ ।

■ মাইক্ৰ’ ফাইনেন্সৰ ঋণ ৰেহাইৰ বাবে শনিবাৰে চৰকাৰ-কোম্পানীৰ বুজাবুজিৰ চুক্তি ৷

■ অহা ৩১ মাৰ্চৰ ভিতৰত ৰাজ্যত প্রধানমন্ত্ৰী আৱাস যোজনাৰ অতিৰিক্ত সাত লাখ ঘৰ নিৰ্মাণৰ লক্ষ্য।

■ অহা বছৰত অসম চৰকাৰে ক্ৰয় কৰিব ছয় লাখ টন ধান ৷

■ বিত্তীয় ক্ষেত্ৰত দেশৰ আগশাৰীৰ ৰাজ্যসমূহৰ একেশাৰীত অসম৷

■ এশ দিনত ৰাজ্যিক কেবিনেটত চাৰি শতাধিক কেবিনেট সিদ্ধান্ত।

■ অৰুণোদয় আঁচনিৰ ধন ৮৩০ টকাৰ পৰা এহেজাৰ টকালৈ বৃদ্ধি।

 

(RT)