বিজেপিৰ কৰ্মকৰ্তাৰ উদ্যোগত আজাৰা এছ অʼ এছ শিশুগাঁৱত ছেনিটাইজেচন

PC-sundayGurdian

                     বিজেপিৰ কৰ্মকৰ্তাৰ উদ্যোগত আজাৰা এছ অʼ এছ শিশুগাঁৱত ছেনিটাইজেচন

বাৰ্তাসেৱা- বিজেপিৰ গুৱাহাটী মহানগৰ জিলা সমিতি, ৰাণী মণ্ডল আৰু বিজেপিৰ ৰাণী মণ্ডল যুৱ মৰ্চাৰ যৌথ উদ্যোগত ভয়াৱহ কোভিডকেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি আজাৰা এছ অʼ এছ শিশুগাঁৱত এক ব্যাপক ছেনিটাইজেচন অভিযান চলোৱা হয়। উল্লেখনীয় যে বিগত কিছু দিনত বৃহত্তৰ ধাৰাপুৰ অঞ্চলৰ ভিন্ন স্থানৰ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে ৰাজহুৱা স্থানকে ধৰি কোচ পাৰা, ধোপৰতল আদি অঞ্চলৰ পৰিয়ালসমূহৰ পদূলিসমূহ ছেনিটাইজ কৰাৰ সমান্তৰালকৈ আজিও বিজেপিৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক তপন দাস, ৰাণী মণ্ডল বিজেপিৰ সভাপতি হৰকান্ত নাথ আৰু বিজেপিৰ ৰাণী মণ্ডল যুৱ মৰ্চাৰ সম্পাদক হিতেশ কলিতাৰ বিশেষ উদ্যোগত প্ৰায় পোন্ধৰ গৰাকী কৰ্মকৰ্তাই আজি পুৱাৰে পৰাই আজাৰা এছ অʼ এছ শিশুগাঁও অঞ্চলটো ছেনিটাইজেচন কৰি শিশুগাঁৱৰ পৰিয়ালসমূহক উপকৃত কৰে। ইপিনে আশ্চৰ্যজনক কথা এই যে আজাৰা এছ অʼ এছ শিশুগাঁৱত ইতিমধ্যে ৩২ জন লোক কৰʼনাক্ৰান্ত হৈ নিজ গৃহতে আইছʼলেচনত আছে। তেনেস্থলত বিজেপিৰ কৰ্মকর্তাসকলে গ্ৰহণ কৰা এনে আদৰণীয় পদক্ষেপক এছ অʼএছ শিশুগাঁৱৰ সঞ্চালক সুবোধ দাসৰ লগতে এছ অʼএছ শিশুগাঁও কৰ্তৃপক্ষই কৃতজ্ঞতা জনাইছে। পৰৱৰ্তী সময়তো এনে অভিযান অব্যাহত ৰাখিব বুলি বিজেপিৰ কৰ্মকৰ্তাসকলে জানিবলৈ দিয়ে।