বিজেপিয়ে ২০১৯-২০ বৰ্ষত সৰ্বাধিক ৭২০ কোটি কৰ্পোৰেট অনুদান লাভ কৰিছিল

pc the New Indian Express

বিজেপিয়ে ২০১৯-২০ বৰ্ষত সৰ্বাধিক ৭২০ কোটি কৰ্পোৰেট অনুদান লাভ কৰিছিল

ৰঙিলী বাৰ্ত্তাসেৱা– কৰ্পোৰেট আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে ২০১৯-২০ বিত্তীয় বৰ্ষত ৰাষ্ট্ৰীয় দলসমূহক ৯২১.৯৫ কোটি টকা দান কৰিছিল। এক প্ৰতিবেদন অনুসৰি বিজেপিয়ে ২০১৯-২০ বৰ্ষত ২,০২৫ জন কৰ্পোৰেট দাতাৰ পৰা সৰ্বাধিক ৭২০.৪০৭কোটি অনুদান লাভ কৰিছিল। বিজেপিৰ পিছত আছিল আইএনচি যিয়ে ১৫৪ জন কৰ্পোৰেট দাতাৰ পৰা মুঠ ১৩৩.০৪ কোটি বৰঙণি লাভ কৰিছিল, আৰু এনচিপিয়ে ৫৭.০৮৬ কোটি কৰ্পোৰেট অনুদান লাভ কৰিছিল। চিপিএমে কৰ্পোৰেট অনুদানত ৬.৯১৬৫ কোটি টকা লাভ কৰিছিল।