বিজুলী ভৱনত সংবাদ মেলত শক্তিমন্ত্রী বিমল বৰাই কয়,” কিস্তিটো আদায় দিব পাৰিব বিদ্যুৎৰ বিল”

pc-twitter

 

অনলাইন বাৰ্ত্তাসেৱা – বিজুলী ভৱনত সংবাদ মেল সম্বোধন শক্তিমন্ত্রী বিমল বৰাই কয় যে বিভাগটোৰ কাম-কাজ উন্নত হৈছে আৰু নিয়মিতভাৱে বিজুলী যোগানৰ বাবে চেষ্টা চলাই থকা হৈছে ।বিদ্যুৎ চুৰিৰ বাবে বহু কোটি টকাৰ ৰাজহ লোকচানৰ সন্মুখীন হৈছে শক্তিবিভাগ সেইবাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰে মিলি ৰাজহ সংগ্রহৰ ক্ষেত্রত কিছু পদক্ষেপ লোৱা হৈছে।এই পদক্ষেপৰ ফলতে ২৭ জুনলৈকে ৪১৬.৬৬ কোটি টকা ৰাজহ সংগ্রহ হৈছে। বিগত মাহত ৰাজ্যত মুঠ ১২৪টা বিদ্যুৎ চুৰি কাৰ্য ধৰা পেলাবলৈ সক্ষম হৈছে।চুৰি কাৰ্যত লিপ্ত হোৱা ব্যক্তি, প্ৰতিষ্ঠানৰ পৰা ১১.৬৫ কোটি টকা সংগ্রহ কৰা হৈছে। আগন্তুক দিন বোৰত বিদ্যুৎ চুৰিৰ বিৰুদ্ধে এই পদক্ষেপ অব্যাহত থাকিব। বিধান সভাত বিদ্যুৎ চুৰিৰ সন্দৰ্ভত আইন সংশোধনৰ আহ্বান কৰিব বুলিও উল্লেখ কৰে মন্ত্ৰী বিমল বৰাই।ৰাজ্যৰ জনসাধাৰণে ১৯১২ টোল ফ্রী নম্বৰৰ জৰিয়তে বিদ্যুৎ চুৰিকাৰ্যৰ বিষয়ে বিভাগক জনাব পাৰিব।বিদ্যুৎ চুৰিৰ বিষয়ে শক্তি বিভাগক অভিযোগ দিয়া ব্যক্তিৰ পৰিচয় গোপনে ৰাখিব। উপভোক্তাক প্ৰত্যক মাহৰ ১০ তাৰিখৰ ভিতৰত বিদ্যুৎৰ বিল পোৱাৰ ব্যৱস্থা কৰা হ’ব।যিসকল উপভোক্তাৰ মাহে অধিক বিল আহে তেওঁলোকক কিস্তিটো বিল পৰিশোধ কৰাৰ সুবিধা প্ৰদান কৰা হ’ব।