বিচিত্ৰ ফাগুন – বন্দিতা শৰ্মা কন্দলি

pc Barcik News Portal

বিচিত্ৰ ফাগুন 

ৰিঙা ৰিঙা মনেৰে
ধূলিয়ৰী বাটেৰে বাট বুলুতে
এচাটি পছোৱাই মোক
কাণে কাণে ক’লে
বসন্তক আদৰিবলৈ যাবানে?
শস্য সিঁচাৰ প্ৰথম দিনটোত
গুমৰাগ নাচিবানে ?
পলাশ, মদাৰ, শিমলুৰ
ৰঙা দলিচাৰ বুকুত খোজ থ’বানে….

পলাশে ৰিঙিয়ালে যে
মন মোৰ চঞ্চল হয়….
মই যে ….মায়াবী ফাগুন
নাভাবিবা ,মোক কেৱল
চঞ্চলা চপলা বুলি!

শীতৰ নিহালি এৰি
ঘৰমুৱা পৰিভ্ৰমী চৰাইজাকে
বিবস্ত্ৰা বৃক্ষক কৈ গ’ল
ৰঙীন ফাগুন আহিছে
অতি সংগোপনে….
ফাল্গুৎসৱৰ সমন্বয়ৰে
সৃষ্টিৰ মেটমৰা সম্ভাৱনা লৈ
বসন্তক আদৰিবলৈ
আশাৰ এচেৰেঙা
ৰঙীন সপোন হৈ
আহিছে বিচিত্ৰ ফাগুন!

বন্দিতা শৰ্মা কন্দলি
দেৰগাঁও