বাল্য বিবাহত আবদ্ধ হোৱাসকলৰ বিৰুদ্ধে কাইলৈৰ পৰা চলিব অভিযান 

বাল্য বিবাহত আবদ্ধ হোৱাসকলৰ বিৰুদ্ধে কাইলৈৰ পৰা চলিব অভিযান 

ৰঙিলী বাৰ্ত্তাসেৱা- বাল্য বিবাহত আবদ্ধ হোৱাসকলৰ বিৰুদ্ধে কাইলৈৰ পৰা অভিযান চলিব। অভিযানৰ সময়ত ৰাজ্যখনৰ বাল্য বিবাহত আৱদ্ধ হাজাৰ হাজাৰ লোক – যুৱক গ্ৰেপ্তাৰ হ’ব”। এই মন্তব্য অসমৰ মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। আজি নগাঁও মেডিকেল কলেজৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লৈ সাংবাদিকৰ আগত এই মন্তব্য কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে কাইলৈৰ পৰা ৬/৭দিনৰ বাবে এই অভিযান অব্যাহত থাকিব। বাল্যবিবাহৰ বিৰুদ্ধে আমাৰ চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই অভিযানৰ সময়ত হাজাৰ হাজাৰ বাল্য বিবাহৰ লগত জড়িত লোক আৰু যুৱক গ্ৰেপ্তাৰ হব। আগতে বাল্য বিবাহ সম্পন্ন কৰা সকলৰ লগতে এতিয়া বাল্যবিবাহ কৰা সকলকো গ্ৰেপ্তাৰ কৰা হ’ব। মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে ১৪ বছৰৰ তলৰ ছোৱালীক বিয়া কৰোৱাসকল বা এনে ছোৱালীৰ সন্তান জন্ম হৈছে, এই সন্দৰ্ভত POSCO আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।