বামুন্দীত ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়া

PC Pratidin Time

অনলাইন বাৰ্ত্তাসেৱা – হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বামুন্দীৰ লাহেশ্বৰীত ব্ৰহ্মপুত্ৰ নৈৰ প্ৰবল গৰাখহনীয়াই ত্ৰাসৰ সৃষ্টি কৰিছে নৈপৰীয়া কৃষক ৰাইজৰ মাজত। বৃহত্তৰ বামুন্দী-হালোগাঁও-কয়াটোল অঞ্চলৰ কৃষকসকলে অতি কষ্ট কৰি উৎপাদন কৰা তৰমুজ, মাকৈ, জিকা, লাও, কোমোৰা, ভেণ্ডি ইত্যাদি খেতিবোৰৰ লগতে শ শ বিঘা কৃষিভূমি ইতিমধ্যে জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত। খেতিয়কসকলে কৃষিভূমি আৰু উৎপাদিত ফচলসমূহ হেৰুওৱাৰ পাছতে এতিয়া ব্ৰহ্মপুত্ৰৰ খহনীয়াই নিদ্ৰা হৰণ কৰিছে বৃহত্তৰ বামুন্দী-হালোগাঁও-কয়াটোল অঞ্চলৰ নৈপৰীয়া কৃষক ৰাইজৰ। কিয়নো কোন সময়ত গোহালিৰ গৰু ছাগলীৰ লগতে থকা ঘৰকেইটাও ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যাব তাৰ কোনো নিশ্চয়তা নাই। বিগত সময়ছোৱাত হোৱা বৰষুণৰ ফলত উফন্দি উঠিছে ব্ৰহ্মপুত্ৰ নৈৰ জলপৃষ্ঠ। ব্ৰহ্মপুত্ৰৰ প্ৰৱল সোঁতে সৃষ্টি কৰা গৰাখহনীয়াত দিক বিদিক হেৰুৱাই পেলাইছে নৈপৰীয়া কৃষক ৰাইজে। বছৰ বছৰ ধৰি ব্ৰহ্মপুত্ৰ নৈৰ খহনীয়াই কৃষকসকলক ভীতিগ্রস্ত কৰি আহিছে যদিও গৰাখহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা লোৱা নাই ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগ তথা ৰাজ্য চৰকাৰখনে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ নৱনিৰ্বাচিত জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ভূমিকা কি হ’ব সেয়াহে হ’ব লক্ষণীয় বিষয়।