বাঘ হাজৰিকা উপেক্ষিত নেকি!- অঞ্জু শাণ্ডিল্য

বাঘ হাজৰিকা উপেক্ষিত নেকি!

অঞ্জু শাণ্ডিল্য

বুৰঞ্জীবিদ ড° সূর্যকুমাৰ ভূঞাই কৈছিল, “অকল যুদ্ধ সামগ্ৰীৰে যুদ্ধ জয় কৰিব নোৱাৰি। ইয়াৰ কাৰণে আহিলা-পাতিৰ যিমান প্রয়োজন, তাতকৈ বেছি প্রয়োজন সৈনিকবৃন্দ আৰু সমগ্ৰ জাতিৰ স্বার্থহীন মনোবৃত্তি, কর্মনিষ্ঠা আৰু যুদ্ধ জয়ৰ কাৰণে উত্ৰাৱল অথচ নিশ্চিত অভিলষ।” আৰু কৈছিল- বাঘ হাজৰিকাই মোগলৰ যুদ্ধ প্ৰণালী আৰু কায়দা জানিছিল। তেওঁ লাচিত বৰফুকনৰ লগত থাকি মোগলৰ যুদ্ধ প্ৰণালীৰ সংকেত কোৱাত লাচিত বৰফুকনে মোগলৰ বিৰুদ্ধে যুদ্ধ কৰি বিদেশীক পৰাস্ত কৰিবলৈ সুবিধা পাইছিল। (স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ)।
সন্দেহ নাই লাচিত বৰফুকন মহাযোদ্ধা। নহ’লেনো বৰফুকন হ’ব পাৰেনে ? জৰ্জ ডি হেলচিয়ে কৈ গৈছে ‘এজন নেতাৰ থাকিবলগীয়া চৌব্বিশটা গুণৰ আটাইবোৰ গুণ লাচিত বৰফুকনৰ গাত আছিল।’ (কেনেকৈ নেতা হ’ব পাৰি)।
কিন্তু শৰাইঘাট ৰণৰ লগত বাঘ হাজৰিকাৰ সম্পৰ্ক কি? কোন এই বাঘ হাজৰিকা? প্ৰতি বছৰে ২৪ নৱেম্বৰত ৰাজ্যৰ ঠায়ে ঠায়ে লাচিত দিৱস পালন কৰা হয়। এই বছৰ বীৰজনাৰ চাৰিশ বছৰীয়া জয়ন্তী ৰাজ্য চৰকাৰে ধুমধামেৰে পালন কৰিছে। ৰাজধানী চহৰ দিল্লীতো আয়োজন চলিছে। কিন্তু বীৰ লাচিতৰ মহযোদ্ধা বাঘ হাজৰিকাৰ কথা সকলোৱে পাহৰিলে। অথচ বাঘ হাজৰিকা অবিহনে শৰাইঘাট ৰণত লাচিতে মোগলক পৰাস্ত কৰা সম্ভৱ নাছিল। এই কথাৰ আঁত ল’বলৈ স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনলৈ উভতি যাব লাগিব। মোগলৰ লগত যুদ্ধত হাৰি জয়ধ্বজ সিংহই মোগলৰ লগত সন্ধি কৰি গুৱাহাটী মোগলক এৰি দিয়াৰ লগতে ৰমণী গাভৰুক মোগল সম্রাট ঔৰংগজেৱৰ পুত্র আজমতাৰালৈ বিয়া দিয়ে আৰু বছৰি সম্ৰাটক কৰ-কাটল দিয়ে। জয়ধ্বজ সিংহৰ মৃত্যুৰ পিচত ৰজা চক্ৰধ্বজ সিংহই ৰাজপাটত উঠিয়েই গুৱাহাটী মোগলৰ কবলৰ পৰা উদ্ধাৰ কৰা চেষ্টা কৰে।  লাচিত বৰফুকনৰ সেনাপতিত্বত অসমীয়া সেনাই কাজলী, বাঁহবাৰী, ইটাখুলি, চাহবুৰুজ, লতাশিল, পাণ্ডু, উমানন্দ, মানাহ, আগিয়াঠুৰী, শৰাইঘাট, নগৰবেৰা, ৰঙামাটি, চেঁচা, শুৱালকুছি, কুৰুৱা আদি ঠাইত নৌযুদ্ধ আৰু স্থলযুদ্ধত মোগল সেনাপতি ৰামসিংহক পৰাস্ত কৰে। লাচিতৰ লগত ছাঁৰ দৰে আছিল বাঘ হাজৰিকা। এই বাঘ হাজৰিকাৰ আচল নাম ইছমাইল ছিদ্দিকী। ইছমাইল ছিদ্দিকী যুদ্ধ বিদ্যাত পাৰ্গত হোৱাৰ উপৰি এজন শিল্পীও আছিল। দিল্লীবাসী ইছমাইল ছিদ্দিকীক ৰমণী গাভৰুৱে আহোম ৰাজ্যলৈ পঠাইছিল। আগে-পিচেও আহোম ৰাজ্যলৈ বংগ-গৌড় আদিৰ পৰা শিল্পীসকলক আহোম ৰজাই নি স-সন্মানেৰে পদবী-খিতাপ আদি প্ৰদান কৰি আহোম ৰাজ্যত প্ৰতিষ্ঠিত কৰিছিল।  ইছমাইল ছিদ্দিকীয়ে পিতৃ-মাতৃ, আত্মীয়-স্বজন সকলোৱে এৰি থৈ আহোম ৰাজ্যলৈ আহিছিল। দিল্লীৰ পৰা অহা পাহুৱাল, যুদ্ধবিদ্যা,  কাৰিকৰী বিদ্যাত পাৰ্গত যুৱকজনক স্বৰ্গদেৱে হাঁহচৰাৰ দৰিকাদাঁতিৰ গৰিয়াজানৰ পাৰত থকাৰ সু-বন্দৱস্ত কৰি দিছিল। গাঁওখনত থাকিবলৈ লৈ ইছমাইল ছিদ্দিকীয়ে আহোম ৰাজ্যক মাতৃভূমিৰূপে আঁকোৱালি ল’লে। কাৰণ আহোম ৰাজ্যৰ মাটি-পানী-বায়ু-আহাৰেৰে তেওঁ পুষ্ট। গতিকে সেই ৰাজ্যৰ সুখ-দুখেই তেওঁৰো সুখ-দুখ। তেওঁ বাস কৰা গাঁওখনত বাঘে সন্ত্ৰাসৰ সৃষ্টি কৰাত ইছমাইল ছিদ্দিকীয়ে খালী হাতেৰে অৰ্থাৎ হাতত কোনো অস্ত্র নোহোৱাকৈ বাঘ এটা ধৰি গাঁওবাসীক ৰক্ষা কৰে। এই কথা স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ কাণত পৰাত বাঘ হাজৰিকা উপাধি প্ৰদান কৰে আৰু শৰাইঘাটৰ ৰণত লাচিত বৰফুকনৰ পালি সেনাপতিৰো পদ অৰ্পণ কৰে। পালি সেনাপতিৰূপে লাচিত বৰফুকনৰ লগত সহযোগী হয়। যুদ্ধৰ মাজতে লাচিত বৰফুকনৰ তীৰকঁপে জ্বৰ উঠে। নৰিয়া গাৰেই বাঘ হাজৰিকাৰ দিহা-পৰামৰ্শ, সাহায্যত যুদ্ধ কৰি মোগলক পৰাস্ত কৰে। লাচিতৰ দৰে বাঘ হাজৰিকায়ো দেখুৱাই গ’ল বিশ্বক অবিস্মৰণীয় আদর্শ— ‘দেশতকৈ জাতি-ধৰ্ম ডাঙৰ নহয়।’বাঘ হাজৰিকা মুছলমান হৈও মাতৃভূমি অসম আক্ৰমণ কৰা মুছলমানৰ বিৰুদ্ধে অসীম পৰাক্ৰমেৰে যুদ্ধ কৰিছিল।  লাচিত বৰফুকন আৰু বাঘ হাজৰিকা অসম আৰু অসমীয়াৰ বাবে গৌৰৱ-আদর্শ । দুয়োজনেই অসম বুৰঞ্জীৰ উজ্জ্বল নক্ষত্র। বাঘ হাজৰিকাৰ মতে শৰাইঘাটৰ ৰণত মোগলৰ বিৰুদ্ধে আহোম সেনাই যুদ্ধ কৰিলেও প্ৰকৃততে মুছলমানৰ বিৰুদ্ধে যুদ্ধ কৰা নাছিল। মোগলৰ সেই সময়ৰ সেনাপতি আছিল ৰাজপুত বীৰ ৰামসিংহ আৰু আহোম তথা অসমীয়া সৈন্যবাহিনীত আছিল বাঘ হাজৰিকা, লাইধন খাঁ, ভেকুলী বৰুৱা, পেটুৱা আদিৰ দৰে অসংখ্য মুছলমান সম্প্ৰদায়ৰ লোক। আনহাতে, বীৰ লাচিতৰ প্ৰধান দেহৰক্ষী আছিল হিলৈধাৰী ভেকুলী বৰুৱা। 
অসমখন পূৰ্বৰে পৰা বিভিন্ন জাতি-ধৰ্ম, জনগোষ্ঠী-সম্প্ৰদায়ৰ মিলনভূমি। অসমত বহু শতিকাৰে পৰা ইছলামধৰ্মী লোকসকলে শান্তি-সম্প্ৰীতিৰে বসবাস কৰি আহিছে। ১২২৮ খ্রীষ্টাব্দত অসমৰ তেতিয়াৰ দিনৰ সৌমাৰপীঠলৈ আহোমসকল অহাৰ সময়তে কামপীঠলৈ মুছলমানসকল আহিছিল। তেতিয়াৰ পৰাই অসমত হিন্দু-মুছলমানৰ সম্প্ৰীতি হয় বুলি ক’ব পাৰি৷ ১২৬০ খ্রীষ্টাব্দত মহম্মদ বিন বখতিয়াৰ খিলিজীয়ে অসম আক্ৰমণ কৰাৰ পিচত পৰাজয় বৰণ কৰি বহুতো মুছলমান যুদ্ধবন্দী হৈ অসমতে থাকি যায়। সেইসকল হৈ পৰে অসমীয়া মুছলমান।

আহোম ৰাজত্ব কালত নিজ কার্যদক্ষতা, যোগ্যতা অনুসৰি বহু মুছলমান লোকে ৰাজসভাত পদমর্যাদা লাভ কৰিছিল। মোগলে সোতৰবাৰ অসম আক্ৰমণ কৰিছিল। এই আক্ৰমণৰ ফলত বহুতো মোগল সৈন্য, যুদ্ধবন্দী অসমতে থাকি অসমীয়া ছোৱালী বিয়া কৰাই অসমৰে অসমীয়া হৈ পৰে। লাচিত বৰফুকনৰ লগত এইসকলৰ বহুতেই (অসমীয়া মুছলমান সেনা) মোগলৰ বিৰুদ্ধে যুঁজত নামিছিল। ইতিহাসে সাক্ষ্য দিয়ে অতীজৰে পৰা অসমত হিন্দু-মুছলমানৰ মাজত সাম্প্রদায়িক সংঘৰ্ষৰ সৃষ্টি হোৱা নাই। সাম্প্রতিক সময়ত বীৰযোদ্ধাসকলৰ স্মৃতি যুগমীয়া কৰিবলৈ চৰকাৰীভাৱে আৰু বহু জাতীয় সংগঠনে বিভিন্ন পদক্ষেপ লৈছে।
আজি লাচিত বৰফুকনৰ মৈদামক্ষেত্র এক আকর্ষণীয় পর্যটনক্ষেত্ৰৰূপে জিলিকি আছে। কিন্তু বাঘ হাজৰিকা যেন উপেক্ষিত হৈ ৰ’ল। বিশেষকৈ চৰকাৰীভাৱে উপেক্ষিত-অনাদৃত হৈ ৰ’ল। আহোম ৰজাই বাঘ হাজৰিকাক শৰাইঘাট ৰণত বিজয়ী হৈ ঘূৰি অহাৰ পিচত হাৰিপাৰা আলিৰ কাষত এশ পূৰা মাটিৰে এটা পুখুৰী খন্দাই দিয়ে আৰু এখন আহল-বহল বাৰীৰে এটা বাসগৃহ সজাই দিয়ে। ইয়াতেই বাঘ হাজৰিকাৰ পৰিয়ালে বাস কৰিছিল। পিচত মোৱামৰীয়া বিদ্রোহ, মানৰ আক্ৰমণৰ বাবে বাঘ হাজৰিকাৰ বংশ পৰিয়াল ইয়াৰ পৰা আঁতৰি যায়। যোৰহাট, ডিব্ৰুগড়, গুৱাহাটীত বাঘ হাজৰিকাৰ বংশ পৰিয়াল আজিও আছে।
গৰিয়াজানৰ কাষৰ গৰিয়াগাঁৱত কেৱল বাঘ হাজৰিকাৰ স্মৃতি বহন কৰি আছে বাসস্থানৰ মাটি-ভেটি, পাটনাদ আদিয়ে। আৰু আছে বাঘধৰা পুখুৰী, বাঘধৰা হাইস্কুলখন, কিন্তু সংৰক্ষণৰ অভাৱতে গৰিয়া গাঁওখন জহি-খহি গৈছে। ইকৰানি আদিৰো চিন-চাব নোহোৱা কৰিছে। এতিয়াও গাঁওখনত ঘৰ-দুৱাৰৰ ভেটি, মছজিদৰ ভেটি, মৌলবীৰ ভেটি, পাটনাদ, বাৰী আদিৰ চিহ্ন আছে। গাঁওখন গৰিয়াজানৰ পৰা দক্ষিণে নৈৰ কাষলৈকে প্রায় দুই কিলোমিটাৰমান জুৰি আছিল। বর্তমান গাঁওখন হাবি-বননিৰে ডাক খাই পূৰ্বৰ গাঁওখনৰ স্মৃতি নোহোৱা কৰিছে। নোহোৱা কৰিছে বাঘ হাজৰিকাৰ স্মৃতিও। আহোম স্বৰ্গদেউসকলে যোগ্যজনক সন্মান, পদবী দিয়াৰ উপৰি সেইসকলৰ নামত পুখুৰী, দলং আদি উচৰ্গা কৰিছিল। বৰ্তমান চৰকাৰে বাঘ হাজৰিকাৰ নামতো কিছু কাম কৰিব পাৰে। পৰ্যটনক্ষেত্ৰৰূপে গৰিয়া গাঁওখন সজাই-পৰাই তুলিব পাৰে। বাঘধৰা হাইস্কুলখনো উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰূপে গঢ়ি তুলিব পাৰে। বাঘধৰা পুখুৰীটো সংৰক্ষণ কৰিব পাৰে। জনমানসত বাঘ হাজৰিকা জীয়াই থাকিব। আনহাতে যোৱা ২৫ জুলাইত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে নতুন দিল্লীত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি অসমত চাৰিখন সৈনিক স্কুল খোলাৰ প্ৰস্তাৱ আগবঢ়ায় ৷ ইয়াৰে এখন স্কুল বাঘ হাজৰিকাৰ নামত স্থাপন কৰিলে বাঘ হাজৰিকাৰ স্মৃতি যুগমীয়া হৈ ৰ’ব। বীৰজনাৰ নামত আলি-পদূলি, দলং, অনুষ্ঠান আদিও নাই। নাজিৰাৰ পৰা গৰিয়া গাঁৱলৈ যোৱা পথটো বাঘ হাজৰিকাৰ নামত দিব পাৰে।

সময় থাকোতেই গৰিয়া গাওঁখন সংৰক্ষণ নকৰিলে বাঘ হাজৰিকাই বসবাস কৰা গাওঁখনৰ চিন-মোকাম নাইকীয়া হ’ব। আনকি নাজিৰাৰ পৰা গৰিয়া গাওঁলৈ যোৱা পথটোৰ মূৰত নাজিৰাৰ আনোৱাৰা বেগমে ফলকখন আঁৰি নিদিয়া হ’লে এই গৰিয়া গাওঁখনো মানুহে চিনি নাপালেহেঁতেন। শৰাইঘাটে আজিও সোঁৱৰাই থাকিব বাঘ হাজৰিকাৰ দেশপ্ৰেম আৰু সাহসিকতাৰ কথা। আজিৰ প্ৰেক্ষাপটত বাঘ হাজৰিকাৰ প্ৰাসংগিকতাও সেয়ে অতি প্ৰয়োজনীয় হৈ পৰিছে।