বাগদেৱীৰ বন্দনা- কমলেশ কাঞ্চন

Pc News18
বাগদেৱীৰ বন্দনা
বিদ্যাৰ অধিষ্ঠাত্রী দেৱী
মা তুমি সৰস্বতী
আমাক জ্ঞানৰ আলোকেৰে আলোকিত কৰা।
কণ কণ নিস্পাপ শিশুৰ
বাগদেৱীৰ বন্দনাত মুগ্ধ হৈ কৰি তোলা
জগতৰ অমূল্য সম্পদ
সময়ৰ সৈতে
আগুৱাই যাবলৈ
তুমি শক্তি দিয়া এই ভৱিষ্যত গঢ়তা শিশুক!
কেতিয়াবা সৰ্বশিক্ষা
কেতিয়াবা সমগ্ৰ শিক্ষা
আনহাতে এতিয়া নতুন শিক্ষানীতি
সলনি হৈ আছে ৰাষ্ট্ৰৰ শিক্ষা পদ্ধতি…
মানৱ সম্পদ গঢ়িবলৈ
জগতত তোমাৰ সন্তানক প্ৰতিষ্ঠিত হ’বলৈ
আশীৰ্বাদ কৰিবা
শিক্ষানীতি সলনিৰ দৰে
তোমাৰ চিত্ত পৰিৱৰ্তন নকৰিবা
মা সৰস্বতী
আই অসমীক তোমাৰ পদ ধূলিৰে জিলিকাই ৰখা।
কমলেশ কাঞ্চন