বাইচুং ভুটিয়া হামৰো ছিকিম পাৰ্টিৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত

Pc Hindustan Times Bangla News

ৰঙিলী বাৰ্ত্তাসেৱা-  হামৰো ছিকিম পাৰ্টিৰ (এইচএছপি) নতুন সভাপতি হিচাপে কিংবদন্তী ফুটবলাৰ বাইচুং ভুটিয়া হিচাপে নিৰ্বাচিত হয়। এইচএছপিৰ সাধাৰণ সম্পাদক বিৰাজ অধিকাৰীয়ে এই বিষয়ত কয় যে, “৪৫ বছৰীয়া ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীক দলৰ নেতা আৰু সদস্যসকলে এখন ৰাষ্ট্ৰীয় সন্মিলনত সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰিছে।” তেওঁ লগতে কয়, “এইচএছপি নিশ্চিত যে ভুটিয়াই এতিয়া ছিকিমক বৰ্তমানৰ দুৰ্নীতিগ্ৰস্ত অপশাসনৰ পৰা মুক্ত কৰিবলৈ আৰু ভৱিষ্যতে ক্ষমতালৈ আহিলে জনসাধাৰণক এক স্বচ্ছ আৰু প্ৰতিক্ৰিয়াশীল চৰকাৰ প্ৰদান কৰাৰ যুঁজত নেতৃত্ব দিয়াৰ দায়িত্ব বহন কৰিব।” ভুটিয়াই উক্ত বিষয়ত কয় যে, “মই ছিকিমৰ জনসাধাৰণক সদায়ে সেৱা আগবঢ়াবলৈ চেষ্টা কৰিম আৰু তেওঁলোকৰ আশা আৰু আকাংক্ষাক প্ৰতিনিধিত্ব দিম। আমি সামাজিক সমতা আৰু ন্যায় নিশ্চিত কৰাৰ দিশত অধিত পৰিশ্ৰম কৰিম আৰু আমাৰ ৰাজ্যৰ প্ৰকৃত সম্ভাৱনা প্ৰাপ্ত কৰাৰ বাবে প্ৰতিগৰাকী ছিকিমবাসীৰ বাবে অন্তহীন সুযোগৰ সৃষ্টি কৰিম।” আনহাতে, বুটিয়াই তিনি বছৰৰ কাৰ্যকাল সফলতাৰে সম্পূৰ্ণ কৰাৰ বাবে বিদায়ী এইচএছপি সভাপতি বিনা বাস্নেটক ধন্যবাদ জ্ঞাপন কৰে।