বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক সাক্ষাৎ কৰে অসম বিধানসভাৰ প্ৰতিনিধি দলে

Pc New Age

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক সাক্ষাৎ কৰে অসম বিধানসভাৰ প্ৰতিনিধি দলে

ৰঙিলী বাৰ্ত্তাসেৱা-  পাঁচদিনীয়া ভ্ৰমণসূচীৰ দ্বিতীয়টো দিনত অসম বিধানসভাৰ প্ৰতিনিধি দলে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক সাক্ষাৎ কৰে৷ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত যোৱা চাৰিজনীয়া এটা সঁজাতী দলে প্ৰধানমন্ত্ৰী হাছিনাক সাক্ষাত্‍ কৰি অসমলৈ আহিবলৈ তেওঁক আমন্ত্ৰণ জনায়। এই দলটোত আছিল অধ্যক্ষ দৈমাৰীৰ লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক হাফিজ বছিৰ আহমদ কাচিমী আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতা। অসমৰ প্ৰতিনিধি দলটোৱে বাংলাদেশৰ জাতীয় সংসদত উপস্থিত হৈ অধ্যক্ষ ড° ছিৰিন শ্বাৰমীন চৌধুৰীৰ সৈতে এক বৈঠকত মিলিত হয় ৷ জাতীয় সংসদত অসমৰ পৰা যোৱা সাংস্কৃতিক দলে বিহু, বাগৰুম্বা, ভোৰতাল নৃত্য, সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতত নৃত্য প্ৰদৰ্শন কৰে৷অসম বিধানসভাৰ বৃহৎ প্ৰতিনিধি দলটোৱে দেওবাৰে বহু কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনাৰ পিছত অসমে লাভান্বিত হ’বলগীয়া বিষয়বোৰ সদৰী কৰে অধ্যক্ষ দৈমাৰীয়ে। জাতীয় সংসদ ভৱনৰ পুথিভঁৰাল, সংসদৰ মজিয়া, জাতীয় সংসদ ভৱনৰ আভ্যন্তৰীণ গাঁথনি আদি পৰিদৰ্শন কৰে অসমৰ দলটোৱে ৷