বাংলাদেশত প্ৰেমিকৰ দ্বাৰা হিন্দু ছোৱালীক হত্যা, টুকুৰা টুকুৰ কৰা; বাকচত মুণ্ডহীন মৃতদেহ পোৱা গৈছে

Pc News18

বাংলাদেশত প্ৰেমিকৰ দ্বাৰা হিন্দু ছোৱালীক হত্যা, টুকুৰা টুকুৰ কৰা; বাকচত মুণ্ডহীন মৃতদেহ পোৱা গৈছে

ৰঙিলী বাৰ্ত্তাসেৱা-  দিল্লীৰ শ্ৰদ্ধা ৱাকাৰৰ নৃশংস হত্যাকাণ্ডত সমগ্ৰ দেশ স্তম্ভিত হৈ পৰাৰ সময়তে এই ভয়াবহ ঘটনাৰ দৰেই আন এক হত্যাকাণ্ড পোহৰলৈ আহিছে। কবিতা ৰাণী নামৰ এগৰাকী হিন্দু ছোৱালীক বাংলাদেশত আবু বকৰ নামৰ প্ৰেমিকে হত্যা কৰি টুকুৰা টুকুৰ কৰি কাটি পেলায়।আৰক্ষীয়ে জনোৱা মতে, আবু বকৰ ভাড়াত লোৱা ঘৰটোৰ এটা বাকচত কিশোৰীগৰাকীৰ মুণ্ডহীন মৃতদেহটো উদ্ধাৰ কৰে। তাইৰ মূৰটো পৃথককৈ ৰখা হৈছিল, পলিথিনত মেৰিয়াই থোৱা আছিল।

বাংলাদেশৰ এটা পৰিবহণ কোম্পানীত কাম কৰা আবুৱে ইয়াৰ পিছত বিগত কেইদিনমানৰ পৰা অফিচত অহা নাছিল। তেওঁৰ সৈতে ফোনযোগে যোগাযোগ কৰিও কোনো সম্ভেদ পোৱা নাছিল। এনে অৱস্থাত সংগঠনটোৰ এজন কৰ্মচাৰীয়ে ৬ নৱেম্বৰত আবুৰ ভাড়াঘৰলৈ যায়। কিন্তু ঘৰত আছিল তলা লগোৱা। বিগত কিছুদিন ধৰি আবু হাদিছক বিচাৰি নোপোৱাত ঘৰৰ মালিকে আৰক্ষীক খবৰ দিয়ে।