‘বহুবাক’ৰ গুৱাহাটীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুভাষিক কবি সন্মিলনত ১৮ টা ভাষাৰ কবিতা পাঠ দীপক শৰ্মা সম্পাদিত ‘সমন্বয়ৰ কন্ঠ’ উন্মোচন 

‘বহুবাক’ৰ গুৱাহাটীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুভাষিক কবি সন্মিলনত ১৮ টা ভাষাৰ কবিতা পাঠ দীপক শৰ্মা সম্পাদিত ‘সমন্বয়ৰ কন্ঠ’ উন্মোচন 

ৰঙিলী বাৰ্ত্তাসেৱা-   অসমৰ সমন্বয় -সংহতি- ঐক্যতা- ভাতৃত্ববোধৰ পথিকৃৎ সাহিত্যানুষ্ঠান ‘বহুবাক’ (বহুভাষিক সাহিত্য মঞ্চ, অসম) ৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত এখনি বহুভাষিক কবি সন্মিলন, ৪গৰাকী লেখিকাক সম্বৰ্দ্ধনা, গ্ৰন্থ উন্মোচনী সভা আড়ম্বৰপূৰ্ণ পৰিৱেশৰ মাজত অনুষ্ঠিত হয়।  বহুবাকৰ সভাপতি তথা বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহই সঞ্চালনা কৰা সভাখনিৰ আৰম্ভণিতে ঘুনুচা গগৈ প্ৰাৰ্থনা পৰিৱেশন  কৰে। বহুবাকৰ প্ৰধান সম্পাদক, কবি, সাংবাদিক দীপক শৰ্মাই আঁত ধৰা বৰ্ণময় অনুষ্ঠানটিত আদৰণি ভাষণ দিয়ে বহুবাকৰ উপ-সভাপতি তথা গুৱাহাটী উচ্চ ন্যায়ালয় বাৰ এচচিয়েছনৰ সচিব প্ৰধান জিতেন পায়েঙে। দীপক শৰ্মা সম্পাদিত ‘সমন্বয়ৰ কন্ঠ’ উন্মোচন কৰে মাধ্যমিক শিক্ষা বিভাগৰ প্ৰাক্তন অতিৰিক্ত সঞ্চালক তথা বিশিষ্টা লেখিকা ড০ অসমী গগৈয়ে৷ আন্তর্জাতিক সাউতাল সভাৰ সভাপতি পৃথিবী মাঝি, তিৱা সাহিত্য সভাৰ উপ-সভাপতি শৰৎ চন্দ্র পাটৰ,আমচি, ত্ৰিপুৰা কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপ-সভানেত্ৰী দৰ্পণা বৰা নেওগ, অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ গৱেষণা বিষয়া ডা° বিজুজ জাহান চালেহা বেগম, বাংলা লেখিকা সুস্মিতা মজুমদাৰ, মিছিং লেখিকা তৃষ্ণা পেগু দলে, অসম সাহিত্য সভাৰ প্ৰাক্তন সহ: সম্পাদক কমল কলিতা, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া শচীন দাস, বিশিষ্ট ভাষাবিদ প্ৰমোদ চন্দ্র ভট্টাচার্য, কবি ৰত্নেশ্বৰ বসুমতাৰী, লেখক নিশুতি মজুমদাৰ, গোলাঘাটৰ কমল দুৱৰা মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড০ ৰবীন্দ্ৰনাথ দেৱ শৰ্মা, গোৱালপাৰাৰ বিকালী মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ড০ এম গোপাল সিংহ,  গুৱাহাটী অনাতাঁৰ কেন্দ্রৰ প্ৰাক্তন সঞ্চালক অৱনী ৰঞ্জন পাঠক, ৰাষ্ট্ৰীয় কবি সংঘমৰ প্ৰাক্তন উপাধ্যক্ষ ড০ গীতা দত্ত চহৰীয়া,  ধুবুৰীৰ কবি চন্দ্রা বৰ্মন, ড০ ৰঙ্গ ৰঞ্জন দাসে বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰে। সভাত ভিন্ন ক্ষেত্রৰ ৪ গৰাকী নাৰীক্ৰমে ডা° মণিকুন্তলা চৌধুৰী ( বিশিষ্টা চিকিৎসক, কবি, গোৱালপাৰা), মঞ্জু সিনহা (অনুবাদিকা, শিলচৰ), ঘুনুচা গগৈ বৰুৱা (শিল্পী, গুৱাহাটী) আৰু চন্দ্রপ্ৰভা দেৱী (শিক্ষাবিদ, লেখিকা, বাটৰহাট, দক্ষিণ কামৰূপ)ক চেলেং চাদৰ, স্মাৰক, মানপত্র, কিতাপৰ টোপোলা আদিৰে সম্বৰ্দ্ধনা জনোৱা হয়। লগতে তিৱা শিল্পী ৰাজীৱ দলৈক অসমলৈ সন্মান কঢ়িয়াই অনা বাবে সম্ভাষণ জ্ঞাপন কৰে। সভাত সংস্কৃত, অসমীয়া, ইংৰাজী, হিন্দী, বাংলা, বড়ো, নেপালী, সাউতাল, ৰাভা, গাৰো, কাৰ্বি, মিছিং, দেউৰী, বিষ্ণুপ্ৰিয়া মণিপুৰী, তিৱা, মণিপুৰী, দেশী, ভোজপুৰী আদি ১৮ টা ভাষাৰ কবিতা পাঠ কৰা হয়