বহনক্ষম উন্নয়ন লক্ষ্য সম্পর্কীয় ৰাজ্যিক কর্মশালা

pc-EastMojo

বহনক্ষম উন্নয়ন লক্ষ্য সম্পর্কীয় ৰাজ্যিক কর্মশালা

ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বহনক্ষম উন্নয়ন লক্ষ্যৰ ওপৰত ২৪ ফেব্ৰুৱাৰীত এক ৰাজ্যিক পর্যায়ৰ কর্মশালা অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয়ৰাজ্য চৰকাৰৰ ৰূপান্তৰ আৰু উন্নয়ন বিভাগে নিটি আয়ােগৰ সহযােগত অনুষ্ঠিত কৰা এই কর্মশালা উদ্বোধন কৰি ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰে কয় যে – এখন কল্যাণকামী ৰাষ্ট্ৰত সমাজৰ সৰ্বাংগীন উন্নয়নৰ বাবে নাগৰিকৰ খাদ্য, পুষ্টি, স্বাস্থ্য, শিক্ষা, অনাময় আদি অতি গুৰুত্বপূর্ণ দিশ। একেদৰে উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি থকা অঞ্চল আৰু সম্প্রদায়সমূহৰ উন্নয়নৰ বাবে বিশেষ পৰিকল্পনাৰ প্ৰয়ােজন আছে। তেতিয়াহে এখন সমবিকশিত সমাজ গঠন সম্ভৱ হৈ উঠিবনিটি আয়ােগৰ বহনক্ষম উন্নয়ন লক্ষ্যৰ মাপকাঠিৰ ওপৰত আলােকপাত কৰি অতিৰিক্ত মুখ্য সচিবগৰাকীয়ে কয় যে, চৰকাৰে ৰাজ্যিক পর্যায়ৰ সূচকসমূহ উন্নত কৰাত বহু পৰিমাণে গুৰুত্ব দি আহিছে। অৱশ্যে এতিয়াও বহনক্ষম উন্নয়ন লক্ষ্যসমূহৰ প্ৰাপ্তিৰ বাবে বহুখিনি কৰিবলগীয়া আছে। 

নিটি আয়ােগৰ উপদেষ্টা সংযুক্তা সাম্মাদাৰে তেওঁৰ বক্তব্যত কয় যে বহনক্ষম উন্নয়ন লক্ষ্য প্রাপ্তিত কৰাত অসম বহুখিনি আগুৱাই আছে যদিও নির্ধাৰিত লক্ষ্যত উপনীত হােৱাৰ বাবে সমূহীয়া আৰু কেন্দ্রীভূত প্রচেষ্টাৰ প্রয়ােজন আছে। তেওঁ লগতে কিছুসংখ্যক সূচকৰ ক্ষেত্ৰত ৰাজ্যখনে লক্ষণীয়ভাৱে আগুৱাই আছে বুলিও উল্লেখ কৰে। 

উল্লেখযােগ্য যে, ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়াসকলে কর্মশালাখনত অংশগ্রহণ কৰি বিভাগৰ লক্ষ্য আৰু উন্নয়ন সম্পৰ্কত মতামত আগবঢ়ায়। অসম চৰকাৰৰ প্রধান সচিব ড° এম. আৰিজ আহমেদে কর্মশালাখনৰ কাৰিকৰি বৈঠকত অংশগ্রহণ কৰি বিভিন্ন বিভাগৰ বিষয়াসকলৰ সহযােগিতা একান্ত প্রয়ােজন বুলি অৱগত কৰে। 

 ভাৰতবর্ষকে ধৰি বিশ্বৰ সৰ্বমুঠ ১৯৩ খন দেশে বহনক্ষম উন্নয়ন লক্ষ্যক গ্ৰহণ কৰি মানৱ সম্পদ তথা অর্থনৈতিক দিশত ক্ৰমে স্বাস্থ্য, পুষ্টি, শিক্ষা, পানী, পৰিৱেশ আৰু কৃষি কর্মৰ যােগেদি নিয়ােজনৰ দৰে দিশসমূহত উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়িবলৈ সক্ষম হৈছে। এইক্ষেত্ৰত বহনক্ষম উন্নয়ন লক্ষ্যত উপনীত হােৱা অসম হৈছে অন্যতম ৰাজ্যঅসম চৰকাৰে ৰাজ্যখনৰ উন্নয়ন তথা অসমৰ অন্যন্য জৈৱবৈচিত্র ৰক্ষাৰ বাবে ২০১৬ চনৰ ১ জানুৱাৰীৰ পৰা এই বহনক্ষম উন্নয়ন লক্ষ্যক গৃহীত কৰিছে আৰু তেতিয়াৰে পৰা উন্নয়নৰ পাঁচটা ক্ষেত্ৰত ‘পীপল’, ‘প্রচপেৰিটি’, ‘পিচ’ আৰু ‘পার্টনাৰশ্বিপ’ক একত্রিত কৰাৰ লক্ষ্য আগত ৰাখিছে। তদুপৰি অসম চৰকাৰে ২০৩০ বৰ্ষৰ ভিতৰত এই লক্ষ্যত উপনীত হবলৈ “আসাম ভিজন, ২০৩০”, ২০১৬ চনৰ ফেব্ৰুৱাৰীত আৰু “আসাম ২০৩০ : আৱাৰ ড্রিম, আৱাৰ কমিটমেন্ট” ২০১৬ চনৰ অক্টোবৰ মাহত প্ৰকাশ কৰিছে।